ETV Bharat / state

লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পুনৰ কয়দীৰ পলায়ন

author img

By

Published : Aug 5, 2021, 12:32 PM IST

কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰেৰে সুৰক্ষা কৰ্মীৰ চকুৰ সন্মুখতে চতুৰ কয়দীজনে পলাই যাবলৈ সক্ষম হয় । পলাতক কয়দীজন জিলা খনৰ নাৰায়ণপুৰ অঞ্চলৰ ৰাজেন ফুকন বুলি জানিব পৰা গৈছে । পুৱতি নিশা আৰক্ষীয়ে পুনৰ পলাতক কয়দীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

prisoner escape
লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পুনৰ কয়দীৰ পলায়ন

লখিমপুৰ,৫ আগষ্ট : লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । দিনৰ পোহৰতে জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিলে এজন কয়দীয়ে । সুৰক্ষা কৰ্মী থকাৰ পাছতো লখিমপুৰ জিলা কাৰাগাৰৰ (Lakhimpur District jail) পৰা পলায়ন কৰে কয়দীজনে । এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ জিলাখনত ।

এই ঘটনা বুধবাৰে বিয়লি সংঘটিত হয় যদিও সমগ্ৰ ঘটনা গোপনে ৰখাৰ চেষ্টা কৰা হৈছিল । জানিব পৰা মতে কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰেৰে সুৰক্ষা কৰ্মীৰ চকুৰ সন্মুখতে চতুৰ কয়দীজনে পলাই যাবলৈ সক্ষম হয় । পলাতক কয়দীজন জিলা খনৰ নাৰায়ণপুৰ অঞ্চলৰ ৰাজেন ফুকন বুলি জানিব পৰা গৈছে ।

তেওঁ তিনি বছৰ পূৰ্বে এটা ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈ জিলা কাৰাগাৰত বন্দী হৈ আছিল । তেওঁৰ কাৰাবাসৰ ম্যাদ আছিল সাত বছৰ ।

ইফালে কয়দীজন পলোৱাৰ খবৰ পোৱাৰ পাছতে বিভিন্ন মহলৰ ফালৰ পৰা কাৰাগাৰ কতৃপক্ষৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছে । কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কয়দীজনে পলোৱাৰ সুযোগ পোৱাৰ এক অভিযোগো উঠিছে । দিন দুপৰতে কয়দীজন কেনেকৈ পলাই যাবলৈ সক্ষম হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে বিগত বছৰত এই কাৰাগাৰখনৰ পৰাই নিশাৰ আন্ধাৰত দেৱাল বগাই পলাই গৈছিল তিনিগৰাকীকৈ কয়দীয়ে । যিটো ঘটনাই কাৰাগাৰ খনৰ দুৰ্বল সুৰক্ষা ব্যবস্থাক উদঙাই দিছিল । সেই ঘটনাৰ পাছতো কাৰাগাৰৰ নিৰাপত্তাৰ দিশত কোনো গুৰুত্ব নিদিয়াৰ বাবে বহুতে সমালোচনা কৰিছে কাৰাগাৰ কতৃপক্ষক ।

অৱশ্যে পুৱতি নিশা আৰক্ষীয়ে পুনৰ পলাতক কয়দীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কয়দীজনৰ সন্ধানত গোটেই নিশা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই আৰু নাৰায়ণপুৰ অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত পলাতক কয়দীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অৱশ্যে কয়দীজনৰ পলায়নক লৈ কাৰাগাৰ কতৃপক্ষই কি স্পষ্টীকৰণ দিয়ে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ভূমি বিবাদক লৈ বিহাৰৰ নালন্দাত গুলীয়াগুলি: নিহত ৪ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.