ETV Bharat / state

HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাক মাৰাথন জেৰা - SEBA question paper leaked

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল মাষ্টাৰমাইণ্ড লখিমপুৰৰ শিক্ষক কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ ৷ শুকুৰবাৰে বিয়লি প্ৰায় 3 বজাত লখিমপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে পলাতক অৱস্থাত থকা কুমুদ ৰাজখোৱাই ৷ কুমুদ ৰাজখোৱাক জেৰাৰ পাচত পোহৰলৈ আহিব আৰু অধিক তথ্য (Prime accuse of HSLC paper leak) ৷

HSLC exam paper leaked
প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাক মাৰাথন জেৰা
author img

By

Published : Mar 17, 2023, 5:55 PM IST

প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাক মাৰাথন জেৰা

লখিমপুৰ, 17 মাৰ্চ: অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱা ৷ শুকুৰবাৰে লখিমপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে লখিমপুৰৰ ডফলাকটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱাই ৷ বৃহস্পতিবাৰৰ পৰা পলাতক অৱস্থাত আছিল কুমুদ ৰাজখোৱা ৷ সম্প্ৰতি লখিমপুৰ সদৰ থানাত CID আৰু আৰক্ষীয়ে জেৰা চলাই আছে কুমুদ ৰাজখোৱাক (Assam HLSC paper leak case) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে আটক হোৱা লখিপুৰৰ লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ দত্তই আৰক্ষীৰ জেৰাত প্ৰশ্নকাকত ফাদিল কৰা সৈতে কুমুদ ৰাজখোৱা জড়িত থকা বুলি স্বীকাৰোক্তি দিছিল ৷ প্ৰণৱ দত্তই প্ৰশ্নকাকত কুমুদ ৰাজখোৱাৰ পৰা লাভ কৰিছিল বুলি স্বীকাৰ কৰিছিল আৰক্ষীৰ আগত ৷ প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে কুমুদ ৰাজখোৱাক বৃহস্পতিবাৰে আটক কৰাৰ বাবে প্ৰচেষ্টা চলাই আছিল যদিও আত্মগোপন কৰি আছিল কলংকিত শিক্ষক কুমুদ ৰাজখোৱাই (SEBA question paper leaked) ৷

ইফালে, প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতেই শুকুৰবাৰে পুৱাই পুনৰ প্ৰসন্ন দাস নামৰ আন এগৰাকী শিক্ষকক আটক কৰে আৰক্ষীয়ে ৷ লখিমপুৰত আটক হোৱা এই তিনিওগৰাকী শিক্ষকক চলাই থকা হৈছে মাৰাথন জেৰা ৷ আনহাতে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য (HSLC exam paper leaked) ৷

পূৰ্বে হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আটাইকেইটা বিষয়ৰে প্ৰশ্নকাকত ফাদিল হোৱা বুলি এক বিস্ফোৰক মন্তব্য কৰিছে গোগামুখৰ শচিন্দ্ৰ দলে নামৰ এগৰাকী শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ৷ ইতিমধ্যেই এই সকলো তথ্য অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং আৰু জিব্ৰুগড় জিলাৰ আৰক্ষীৰ অধীক্ষকক তথ্য সহকাৰে অৱগত কৰিছে শচিন্দ্ৰ দলেয়ে (HSLC paper leak case investigation) ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোৱা এই চূড়ান্ত বেমেজালিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ পূৰ্বে হৈ যোৱা পৰীক্ষাৰ ভিত্তিতেই হ’ব লগা পৰীক্ষা কেইটাৰ নম্বৰ মূল্যায়ন কৰাৰ দাবীৰেও ঠায়ে ঠায়ে ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

লগতে পঢ়ক: HSLC Question paper leak: প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ষষ্ঠ দিনাও উত্তাল সদনৰ মজিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.