ETV Bharat / state

Chandrayaan-3: চৰম উৎকণ্ঠা; চন্দ্রযান ৩ ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰাৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 7:55 PM IST

মাজত মাথো কেইঘন্টামানহে বাকী । ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰিত চন্দ্রযান ৩ য়ে চন্দ্ৰত অৱতৰণ কৰিব কিছুসময় পাছতে । এনে সময়ত সকলো উৎকন্ঠিত হৈ পৰিছে । চন্দ্র যান ৩ সফল অৱতৰণ ৰ বাবে সকলোৰে আশীর্বাদ, প্ৰাৰ্থনা বিচাৰি ৰাইজলৈ গোঁহাৰি জনাইছে এই অভিযানৰ অন্যতম বিজ্ঞানী চয়ন দত্তৰ পিতৃ-মাতৃয়ে ।

Prayers for the successful landing of Chandrayaan 3 in Lakhimpur
চন্দ্রযান ৩ ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰাৰ আহ্বান

লখিমপুৰ,২৩ আগষ্ট: চন্দ্ৰযান ৩ চন্দ্র পৃষ্ঠত অৱতৰণ কৰিবলৈ কেইঘন্টামানহে বাকী । ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰিত চন্দ্র যান ৩ চন্দ্ৰৰ বুকুত অৱতৰণ কৰিব আৰু কেইঘন্টামানৰ পাছতে । চন্দ্র যান ৩ য়ে সফল অৱতৰণ কৰাৰ লগে লগে ভাৰত হ'ব জোনবাইৰ দেশত খোপনি পুতিবলৈ সক্ষম হোৱা বিশ্বৰ চতুৰ্থখন দেশ । ইয়াকে লৈ উৎকণ্ঠা বৃদ্ধি পাইছে বৈজ্ঞানিক মহলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মনত ।

সমগ্ৰ ভাৰত বৰ্ষৰ দৃষ্টি নিবদ্ধ হৈছে চন্দ্রযানৰ ওপৰত । পূৰ্বতে এনে অভিযান বিফল হোৱা ভাৰতে এই বাৰৰ অভিযানত সাফল্যৰ শিখৰ স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে । সকলো ঠিকে ঠাকে থাকিলে বুধবাৰে সন্ধিয়া জোনবাইৰ দেশত অৱতৰণ কৰিব চন্দ্রযান-৩ য়ে । ইতিমধ্যে বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে চন্দ্রৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰিব মহাকাশযানে । সেয়ে হ'লে আৰু কেইঘন্টামানৰ পাছত ভাৰতে জোনবাইৰ দেশত সাফল্য লাভ কৰা চতুর্থখন দেশৰ গৌৰৱ অৰ্জন কৰিব ।

চন্দ্রযান-৩ ৰ অৱতৰণৰ সময় চমু চাপি অহাৰ লগে লগে সকলো উদ্বিগ্ন হৈ পৰিছে । কেইবাটাও জটিল প্ৰক্ৰিয়া অতিক্রম কৰি জোনবাইৰ দেশৰ দুৱাৰদলিত উপনীত হোৱা চন্দ্রযানখন বিঘিনি বিহীনভাৱে যাতে সফল অৱতৰণ কৰিব পাৰে তাৰ বাবে সকলোৱে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে । চন্দ্রযান-৩ ৰ এই অভিযানৰ লগত জড়িত বিজ্ঞানীসকলৰ অন্যতম লখিমপুৰৰ চয়ন দত্তৰ ঘৰতো একেই উৎকন্ঠা ।

চয়নৰ পিতৃ-মাতৃয়ে এতিয়া সকলোকে প্ৰাৰ্থনা কৰাৰ আহ্বান জনাইছে । চয়নৰ মাতৃয়ে তুলসীৰ গুৰিত পানী ঢালি তেওঁৰ পুত্রৰ দৰে বিজ্ঞানীসকলৰ প্ৰচেষ্টা সফল হোৱাৰ প্ৰাৰ্থনা জনায় । জোনবাইৰ দেশত তুলসী, মৃগপহু আছে বুলি অসমীয়া সমাজৰ গীত মাতত সন্নিবিষ্ট হৈ আছে । সেয়ে তুলসীৰ গুৰিত পানী দি জোনবাইৰ দেশলৈ যোৱা যানখনৰ সফল অৱতৰণৰ প্ৰাৰ্থনা জনাইছে তেওঁলোকে । সকলোকে এই অভিযান সফল হোৱাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ চয়নৰ পিতৃয়েও আহ্বান জনায় ।

লগতে পঢ়ক: NPS Employees Protest: অৱসৰ জীৱনৰ সামাজিক সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল’বই লাগিব; অচ্যুতানন্দ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.