ETV Bharat / state

ঢকুৱাখনাৰ কৃষিভূমিত নাই পানীযোগান ব্যৱস্থা - অসম চৰকাৰ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ব্যাপক বিফলতাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ঢকুৱাখনাৰ কৃষকসমাজ

ঢকুৱাখানাৰ কৃষিভূমিত নাই পানীযোগান ব্যৱস্থা
author img

By

Published : Apr 22, 2019, 3:23 PM IST

ঢকুৱাখনা,২২ এপ্ৰিলঃ অসম চৰকাৰৰ জলসিঞ্চন শীৰ্ষক এটা বিয়াগোম বিভাগ থকাৰ পিছতো ঢকুৱাখনাৰ কৃষক বঞ্চিত হৈ ৰৈছে জলসিঞ্চন বিভাগৰ সুবিধাবোৰৰ পৰা । ঢকুৱাখানাৰ সোণাৰি চাপৰি পঞ্চায়তৰ বৃহৎ সংখ্যক কৃষকে অতি বিপদসংকুলভাৱে কৃষি পথাৰৰ কাষতে ওলমি থকা বিদ্যুতৰ তাঁৰৰ পৰা বিদ্যুত সংযোগ কৰি মটৰ যোগে পানী দি বড়ো ধানৰ খেতি কৰিছে ।

ঢকুৱাখানাৰ কৃষিভূমিত নাই পানীযোগান ব্যৱস্থা

উল্লেখ্য যে, দুই তিনি দশক পূৰ্বেই এই কৃষি পথাৰৰ কাষেৰে জলসিঞ্চনৰ নলা খান্দি বোৱাই নিয়া হৈছিল কিন্তু বৰ্তমান সেই নলাৰে পানী নাযায় । জলসিঞ্চন বিভাগৰ কলঘৰটোৰ সা সঁজুলিবোৰো ইতিমধ্যে মামৰে ধৰি উৱলি গৈছে । ২০০৯-১০ বৰ্ষত পুনৰ মেৰামতিৰ বাবে কেইবালাখ টকাও আৱণ্টন দিছিল যদিও সেইয়া কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল । কৃষিৰ ওপৰত নিৰ্ভৰশীল ৪০ শতাংশ লোকে এতিয়া গাঠিৰ ধন ভাঙি নিজাকৈ মটৰ কিনি বিদ্যুত সংযোগ দি কৃষি কৰ্ম কৰিছে যদিও খৰচ অনুপাতে লাভ পাবলৈ সক্ষম হোৱা নাই ।

Intro:ঢকুৱাখনাত প্ৰহসনত জলসিঞ্চন। বড়ো খেতিৰ বাবে গাঠিৰ ধন ভাঙি পানী যোগান কৃষিভূমিত।
Body:ঢকুৱাখনা:২২এপ্ৰিল:অসম চৰকাৰৰ জলসিঞ্চন নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো ঢকুৱাখনাৰ কৃষক বঞ্চিত হৈ ৰৈছে ইয়াৰ সুবিধাৰ পৰা । বড়ো ধানৰ খেতিকে মুখ্য কৰি লোৱা ঢকুৱাখনা সোণাৰি চাপৰি পঞ্চায়তৰ বৃহৎ সংখ্যক কৃষকে আজি অতি বিপদসংকুল ভাৱে কৃষি পথাৰৰ কাষতে ওলমি থকা বিদ্যুতৰ তাঁৰৰ পৰা বিদ্যুত সংযোগ কৰি মটৰত পানী দি কৰিছে বড়ো ধানৰ খেতি । আজিৰ পৰা দুই তিনি দশক পূৰ্বেই এই কৃষি পথাৰৰ নিচেই কাষেডি জলসিঞ্চনৰ নলা খান্দি বোৱাই নিছিল । কিন্তু আজি সেই নলাইদি বৈ নাযায় পানী । জলসিঞ্চন বিভাগৰ কলঘৰটোৰ সা সজুলি বোৰো মামৰে ধৰি ওৱলি গৈছে । ২০০৯-১০ বৰ্ষত পুনৰ মেৰামতিৰ বাবে কেইবালাখ টকা আবণ্টন দিছিল যদিও সেই কলঘৰৰ পাইপেৰে পানী ওলোৱা দেখা নাপালে সাধাৰণ কৃষকে। কৃষিৰ ওপৰত নিৰ্ভৰশীল ৪০ শতাংশ লোকে এতিয়া গাঠিৰ ধন ভাঙি নিজাকৈ মটৰ কিনি বিদ্যুত সংযোগ দি কৃষি কৰ্ম কৰিছে যদিও খৰছ অনুপাতে লাভ পাবলৈ সক্ষম হোৱা নাই । তদুপৰি বছৰৰ তিনিটা মাহ বড়ো খেতিৰ বাবে বিদ্যুত সংযোগ লৈ বাকী দিনকেইটাতো সমানে ভৰিব লাগে বিদ্যুতৰ বিল। সেয়েহে বহুতো কৃষকে সংগোপনে অতি বিপদসংকুল ভাৱে মুকলি তাঁৰৰ পৰা সংযোগ কৰিছে বিদ্যুত ।কিন্তু এনেকৈ কিমান দিন ? সেয়েহে কৃষকসকলৰ চৰকাৰলৈ দাবী-
জলসিঞ্চন বিভাগৰ কৰ্মচাৰী সকলক এনেয়ে দৰমহা দি ৰখাতকৈ সেই টকাৰে কৃষকক সহায় কৰিলে লাভ কৰিব সুফল।Conclusion:Byte:কৃষক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.