লখিমপুৰ, 27 অক্টোবৰ : লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চাউলধোৱাত চোৰাং গাঞ্জা ব্যৱসায়ীৰ আক্ৰমণত দুজন আৰক্ষীৰ লোক আহত হোৱাৰ ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত চাউলধোৱা আৰক্ষী চকীৰ দুজন আৰক্ষীৰ লোকে সন্দেহবশত এজন বাইক আৰোহীক তালাচী চলাওঁতে উদ্ধাৰ হয় তিনি কেজি গাঞ্জা ।
আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ ওপৰত জপিয়াই পৰে গাঞ্জা ব্যৱসায়ী । এই ঘটনাৰ পিচতে অবৈধ গাঞ্জা ব্যৱসায়ৰ ঘাটিত চাউলধোৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ব্ৰত গগৈৰ নেতৃত্বত চলোৱা অভিযানত গাঞ্জাৰ ব্যৱসায়ৰ লগত জড়িত নিৰদা নামৰ মহিলাগৰাকীৰ লগতে চিৰঞ্জীত ৰয় আৰু জোৱাকিং পিগ্গা নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক : 28 মিনিটত ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ’ল কমল কৃষ্ণ দাসে