ETV Bharat / state

ভাৰ্চুৱেলী মুকলি হ'ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল

author img

By

Published : Apr 28, 2022, 7:38 PM IST

ৰাইজৰ সেৱাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যত মুকলি সাতখনকৈ কেঞ্চাৰ হাস্পতাল (PM Modi to inaugurate cancer hospitals in Assam)৷ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কেঞ্চাৰ কেয়াৰ হাস্পতাল (PM Modi Visits Dibrugarh) মুকলি কৰাৰ লগতে ভাৰ্চুৱেলী মুকলি কৰিলে লখিমপুৰ কেঞ্চাৰ হাস্পতাল ৷

PM Modi virtually inaugurate Lakhimpur cancer hospital
ভাৰ্চুৱেলী মুকলি হ'ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল

লখিমপুৰ, ২৮ এপ্রিল : লখিমপুৰীয়া ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত ভাৰ্চুৱেলী উদ্বোধন কৰা হ'ল লখিমপুৰ কেঞ্চাৰ হাস্পতাল । লখিমপুৰসহ ৰাজ্যত ৭ খনকৈ কেঞ্চাৰ চিকিৎসালয়ৰ (PM Modi Inaugurates 7 Cancer Hospital) আনুষ্ঠানিকভাৱে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to inaugurate cancer hospitals in Assam) ৷

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মিত অত্যাধুনিক কেঞ্চাৰ চিকিৎসালয়খন ডিব্ৰুগড়ৰৰ পৰাই ভাৰ্চুৱেলী শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কৰ্কট ৰোগীৰ বাবে উচ্চৰ্গা কৰি অসমবাসীক সম্বোধন কৰে (Modi virtually inaugurate Lakhimpur cancer hospital) । ডিব্ৰুগড়ত হোৱা বিশাল জনসমাগমৰ লগতে লখিমপুৰতো ৰাইজৰ ঠিক একেই সঁহাৰি পৰিলক্ষিত হয় ৷ ইফালে ৰাজ্যখনৰ বাবে এয়া এক ঐতিহাসিক পদক্ষেপ বুলি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে স্থানীয় বিধায়ক মানৱ ডেকাই ।

উল্লেখ্য যে, লখিমপুৰৰ ৪৫ খন বিচনাযুক্ত কেঞ্চাৰ চিকিৎসালয়ত ২৯ এপ্ৰিলৰ পৰাই এগৰাকী দন্ত চিকিৎসকসহ চাৰিগৰাকী চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰিব ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভণি কৰা এই কাৰ্যসূচীত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উপস্থিতত লখিমপুৰ কৰ্কট চিকিৎসালয়ৰ অধীক্ষকসহ চিকিৎসালয়ৰ চিকিৎসক তথা বিষয়াকৰ্মীসকল উপস্থিত থাকে ৷ ইফালে লখিমপুৰৰ ৰাইজৰ হৰ্ষোল্লাসৰ মাজত ভাৰ্চুৱেলী উদ্বোধন হোৱা এই কেঞ্চাৰ হাস্পতালখনে কেৱল লখিমপুৰৰ বাবেই নহয় কাষৰীয়া কেইবাখনো জিলাৰ লগতে অৰুণাচলৰ বাবেও এক সম্পদত পৰিণত হ'ল বুলি মন্তব্য কৰে লখিমপুৰবাসী ৰাইজে (Modi inaugurate Cancer Hospital in Assam) ।

লগতে পঢ়ক : নৈৰ দৰে বৈছে জনস্ৰোত : লক্ষ্যস্থান মোডীৰ জনসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.