ETV Bharat / state

DAC Election2022: ভূপেন বৰাই মিঞা মিউজিয়াম হ'লে ভালেই পায়: পীযুষ হাজৰিকা - Deori Autonomous Council Election

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ (Deori Autonomous Council Election 2022)অভিযান তুংগত উঠিছে । অহা সাত দিনৰ ভিতৰত অন্ত পৰিব প্ৰচাৰ অভিযান । শাসকীয় বিজেপিৰ পৰা কংগ্রেছ, আপ আদি দলৰ লগতে একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান চলাইছে । লখিমপুৰত থকা পৰিষদখনৰ সাতটা সমষ্টিৰ মাথো তিনিটাতহে বিৰোধী দল কংগ্রেছে প্ৰাৰ্থী দিয়াৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

DAC Election2022
ভূপেন বৰাই মিঞা মিউজিয়াম হ'লে ভালেই পায়: পীযুষ হাজৰিকা
author img

By

Published : Oct 29, 2022, 6:48 PM IST

বিহপুৰীয়া, ২৯ অক্টোবৰ: ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Deori Autonomous Council Election) ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে ৷ শাসকীয় দল বিজেপিয়ে পৰিষদৰ অন্তৰ্গত ২২ টা পৰিষদীয় সমষ্টিতে ব্যাপক প্ৰচাৰ চলাইছে । লখিমপুৰ জিলাতো মৰাথন নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika election campaign in Lakhimpur) ।

ভূপেন বৰাই মিঞা মিউজিয়াম হ'লে ভাল পায়

১৫ নং বৰ দেউৰী সমষ্টি আৰু ১৮ নং পিচলা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাক সমালোচনা কৰে । তেওঁ কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই অসমত মিঞা মিউজিয়াম হ'লে ভালেই পায় ।

শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকাই শুক্ৰবাৰৰে পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ তেওঁলোকৰ পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে সভা অনুষ্ঠিত কৰি ব্যাপক প্ৰচাৰ চলাইছে । ইপিনে,মন্ত্ৰী হাজৰিকাই শ্বেৰমান আলী সন্দৰ্ভত কংগ্ৰেছ দলক পুনৰ দোষাৰোপ কৰি শ্বেৰমানক কংগ্ৰেছে নিলম্বন কৰাৰ পিছতো পুনৰ ৰাজ্যসভাত ভোট প্ৰদান কৰিবলৈ দলটোৱে সুবিধা প্ৰদান কৰিলে বুলি মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীয়ে ১৫ নং বৰ দেউৰী সমষ্টি আৰু ১৮ নং পিচলা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ প্ৰসংগত বিৰোধীক সমালোচনা কৰাৰ লগতে পৰিষদৰ ২২ টা সমষ্টিৰ ভিতৰত অতি কমেও ২০ টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰি মিত্ৰজোঁটে পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে জিলাখনত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীৰ সংখ্যা অধিক । সাতটা সমষ্টিৰ ভিতৰত ১১ গৰাকীয়েই নিৰ্দলীয় প্ৰাৰ্থী । আনহাতে,বিজেপিৰ ছজন, অগপৰ এজন, আপৰ ২ জন আৰু কংগ্রেছৰ ৩ জন প্ৰাৰ্থী প্ৰতিদ্বন্দিতা আগবঢ়াইছে । জিলাখনত থকা পৰিষদখনৰ ১৫ নং বৰ দেউৰী (এছ টি) সমষ্টিত বিজেপিৰ অমৃতপ্ৰভা দেউৰী, কংগ্রেছৰ মহেন দেউৰী, আপৰ উমেশ দেউৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী কামাণ্ডাৰ দেউৰী আৰু শিৱাৰ্ষীশ দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে । ইপিনে,১৬ নং বাহগড়া (এছ টি ,মহিলা) সমষ্টিৰ পৰা অগপৰ নন্দিতা দেউৰী,কংগ্রেছৰ মিনু দেউৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ামাই দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

একেদৰে ১৭ নং কাচিকতা (এছ টি) সমষ্টিত বিজেপিৰ উত্তম দেউৰীৰ উপৰি নিৰ্দলীয় বিৰেন দেউৰী আৰু দিপক দেউৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে । ১৮ নং পিচলা (এছ টি, মহিলা) সমষ্টিত বিজেপিৰ জুন মণি দেউৰী, নিৰ্দলীয় পুষ্পাঞ্জলি দেউৰী আৰু ৰিংকুমণি দেউৰীয়ে প্ৰতিদ্বন্দিতাত নামিছে । ইপিনে,১৯ নং কিনাপথাৰ (এছ টি) সমষ্টিত বিজেপিৰ বিষ্ণু কুমাৰ দেউৰী, আপৰ হৰিব্ৰত দেউৰীৰ উপৰি নিৰ্দলীয় বিজু কুমাৰ দেউৰীয়ে যুঁজত নামিছে ।

তদুপৰি ২০ নং বঙালমৰা (এছ টি) সমষ্টিত দীপক দেউৰী, বিজেপিৰ প্ৰফুল্ল দেউৰী, নিৰ্দলীয় প্ৰাৰ্থী মনমোহন দেউৰী আৰু ৰত্নেশ্বৰ দেউৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ২১ নং গাভৰু টুনিজান ( এছ টি) সমষ্টিত বিজেপিৰ ৰমা দেউৰী আৰু নিৰ্দলীয় মহেশ দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

লগতে পঢ়ক:Deori Autonomous Council Election: লখিমপুৰত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.