ETV Bharat / state

লখিমপুৰত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে জৰাজীৰ্ণ পথ

author img

By

Published : Jun 21, 2022, 7:03 PM IST

চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওচৰত কৰা আবেদন-নিবেদনে কোনো ফল নধৰিলে(Poor condition of road in Lakhimpur) । সেয়ে ৰাইজে জোকাৰিলে নখ । গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ(Public repair road) ।

people repair roads in lakhimpur
লখিমপুৰত গাঁটিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে জৰাজীৰ্ণ পথ

লখিমপুৰ,২১ জুন: ৰাইজে নখ জোকাৰিলে নৈ বয় । আপ্ত বাক্যশাৰী যেন পুনৰ সঁচা বুলি প্ৰমাণ কৰি দেখুৱালে লখিমপুৰৰ চৰকাৰীভাৱে বঞ্চিত এখন গাঁৱৰ ৰাইজে । মঙলবাৰে লখিমপুৰ জিলাৰ এখন গাঁৱৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ । আন্দোলন, ধৰ্ণা,ধৰ্মঘটৰ সলনি হাতত ললে কোঁৰ । মেৰামতি কৰিলে এটা জৰাজীৰ্ণ পথ ।

চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে মঙলবাৰে ৰাইজে উদঙালে উন্নয়ণৰ প্ৰকৃত ছবি । লখিমপুৰ জিলাৰ উজ্জলপুৰ পঞ্চায়তৰ ২ নং পোতা পুখুৰী গাঁৱৰ এটা পথে জ্বলাকলা খুৱাই আহিছিল অঞ্চলটোৰ ৰাইজক(Poor condition of road in Lakhimpur) । দীর্ঘদিন ধৰি উন্নয়নৰ দাবীত চিঞৰি ভাগৰি পৰিল গাঁওখনৰ ৰাইজ ।

সেয়ে সকলো গাৱঁৰ ৰাইজ মিলি গাঁঠিৰ ধন ভাঙি শিল-বালি পেলাই মঙলবাৰে কৰিলে মেৰামতি(Public repair road) । পথ মেৰামতিৰ বাবে ওলাই আহিল পুৰুষ মহিলা সকলো । কাৰন পঞ্চায়তৰ ফালৰ পৰা অথবা চৰকাৰীভাৱে আজি পৰ্যন্ত গাৱঁৰ পথত নপৰিল শিল এটাও ।

বৰষুণ দিলেই বোকাৰে উপচি পৰা পথটোৰে পাৰ হব নোৱাৰে কোনো লোক । বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰী । সেয়ে ৰাইজে চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধন ভাঙি নিজেই কৰি ললে মেৰামতি । পথ নিৰ্মাণৰ মাজতে ৰাইজে চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

লগতে পঢ়ক: ৰণজিৎ দাসৰ ওপৰত খং সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.