লখিমপুৰ,15 এপ্ৰিলঃ বুধবাৰে পুৱা লখিমপুৰত মৃত্যু হয় তবলিগী জামাতত অংশগ্ৰহণ কৰা এজন লোকৰ ৷ মৃত লোকজন বৰপেটাৰ আলী হুছেইন ৷ লক ডাউনৰ বাবে লখিমপুৰত আবদ্ধ হৈ আছিল জামাতত অংশগ্ৰহণ কৰা বৰপেটাৰ চাৰি গৰাকী লোক ৷ ইতিমধ্যে,লোককেইজনক লালুকৰ ১নং ধৰ্মপুৰ মোক্তাব মাদ্ৰাছাত ৰাখি লখিমপুৰ স্বাস্থ্য বিভাগে নিৰীক্ষণ কৰি আছিল ৷ কিন্তু ইয়াৰ মাজতে ৰহস্যজনকভাৱে বুধবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷
আনহাতে, এইপৰ্যন্ত লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক-নগাঁৱৰ সূতাৰ গাঁৱত খাদ্য সুৰক্ষাৰ চাউল বিতৰণক লৈ উত্তেজনা