ETV Bharat / state

নাওবৈচাত শিঙৰানদীৰ বান পৰিস্থিতি কিছু উন্নত - বন্যাতক প্ৰশাসনে বান সাহায্য নিদিয়াৰ অভিযোগ

এতিয়াও বহু বাসগৃহত একাঠু পর্যন্ত পানী ,তীব্র খাদ্য সংকট বন্যাতক প্ৰশাসনে বান সাহায্য নিদিয়াৰ অভিযোগ ৷

নাওবৈচাত শিঙৰানদীৰ বান পৰিস্থিতি কিছু উন্নত
nowboicha singra flood situation
author img

By

Published : May 28, 2020, 9:36 PM IST

নাওবৈচা,২৮মেঃ লখিমপুৰ জিলা নাওবৈচাৰ মাজেৰে প্ৰবাহিত পাহাৰীয়া শিঙৰা নদীৰ সংহাৰী বানে যোৱা তিনি-চাৰি দিনে শ-শ পৰিয়ালৰ অন্ন-বস্ত্ৰ -বাসস্থান নিঃশেষ কৰাৰ পাছত অঞ্চলটোলৈ নমাই আনিছে ঘোৰ অমানিশা । বৰ্তমান শিঙৰা নদীৰ উৎপত্তিস্থল অৰুণাচল ৰ লগতে লখিমপুৰ জিলাত বৰষুণ নিদিয়াত অঞ্চলটোত বান পৰিস্থিতি কিছু উন্নত হৈছে। বান পৰিস্থিতি উন্নত হলে এতিয়াও বহু বাসগৃহত একাঠু পৰ্যন্ত পানীয়ে পৰিবেশ লেতেৰা কৰি ৰাখিছে। শিঙৰা বানে যোৱা তিনি- চাৰি দিনে অঞ্চলটোৰ শ-শ বিঘা পকিবলৈ ধৰা বৰো ধানৰ খেতি ডুবাই পেলোৱাত দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে।

nowboicha singra flood situation

উল্লেখযোগ্য যে নাওবৈচাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোসাঁনীবাৰী, ১নং গেলাহাটী,২নং গেলাহাটী, আহোমণি, চেঙেলীজানকে ধৰি বহু গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ আজিও পানীৰে ডুবাই ৰখাত পৰিয়ালসমূহৰ মাজত খাদ্য আৰু খোৱাপানীৰ তীব্ৰ নাটনিয়ে দেখা দিছে। ইফালে লখিমপুৰ জিলা প্ৰশাসন আৰু নাওবৈচা ৰাজহ চক্ৰ কাৰ্যলয়ৰ তৰফৰ পৰা বানপীড়িত ৰাইজৰ মাজত আজিলৈকে কোনোধৰণৰ বান সাহায্য প্ৰদান নকৰাত ৰাইজৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। বানপীড়িত ৰাইজে অভিযোগ কৰা মতে নাওবৈচা ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে বানসাহায্য তালিকা প্ৰস্তুত কৰি জিলা প্ৰশাসনক প্ৰদান নকাৰৰ বাবেই ৰাইজে বান সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে ।

লগতে পঢ়কঃ বানত আক্ৰান্ত ৰঙিয়াৰ বৃহত্তৰ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.