ETV Bharat / state

নাওবৈচাত ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নিৰ্বাচনী সভা

author img

By

Published : Feb 11, 2021, 7:20 PM IST

নাওবৈচাত ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল নামৰ এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী সভা । বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিত নতুনকৈ আৱিৰ্ভাৱ হোৱা ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ নিৰ্বাচনী সভা সম্পন্ন হৈ যায় ।

নাওবৈচাত ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নিৰ্বাচনী সভা
নাওবৈচাত ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ নিৰ্বাচনী সভা

নাওবৈচা,১১ ফেব্ৰুৱাৰী: সন্মুখত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে । বিজেপি আৰু অগপৰ মিত্রজোঁটক শাসনৰ বাঘজৰীৰ পৰা উফৰাবলৈ ভিন্ন দল-সংগঠনসমূহে অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে । ইটোৰ পাচত সিটোকৈ দল-সংগঠনৰ জন্ম হৈছে ৰাজনৈতিক দল ৷ এইবাৰ অসমত প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল নামৰ এটা ৰাজনৈতিক দল । দলটোৱে নাওবৈচাৰ সংখ্যালঘু অঞ্চলৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী সভা ।

বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিত নতুনকৈ আৱিৰ্ভাৱ হোৱা ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । ভোটাৰ ৰাইজে কোনো কালে নাম নুশুনা এই ৰাজনৈতিক দলটোৱে সমষ্টিটোৰ সংখ্যালঘু বসতি প্ৰধান বঙালমৰাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত কংগ্ৰেছ, বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতা তালহা ৰশ্বেদীৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে ।

ইফালে দলটোৰ অসম প্ৰদেশৰ সভাপতি মৌলানা উবাইদুৰ ৰহমানে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল আৰু তেওঁলোকৰ মিত্ৰজোঁট পিপ'লছ ডেমক্ৰেটিকছ এলায়েঞ্চে ৭০ শতাংশ আসন পোৱাৰ দাবী জনায় । মুঠৰ ওপৰত সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ হোৱা দলটোৱে যে সমাগত বিধানসভা নিৰ্বাচনত ভোট বিভাজনত পৰিণত হৈ কোনোবা এটা ৰাজনৈতিক দলক ৱাক অ'ভাৰ দিব বিচাৰিছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: বিজেপিৰ মহিলা মৰ্চাৰ দ্বিতীয় ৰাজ্যিক কার্যনির্বাহক সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.