ETV Bharat / state

লালুকৰ এচিড আক্ৰমণৰ দুই অপৰাধীক গ্ৰেপ্তাৰ

লালুকৰ এচিড আক্ৰমণৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ পূৰ্ব পৰিকল্পিতভাৱে এই ভয়াৱহ কাণ্ডটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে দুই অপৰাধীয়ে ৷ আনহাতে,একপক্ষীয় প্ৰেম-ভালপোৱাৰ বাবে অভিযুক্ত‌ই এই আক্ৰমণ কৰাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষক লংনিট টেৰাঙে ৷

Nowboicha Laluk acid attack follow up
লালুকৰ এচিড আক্ৰমণৰ দুই অপৰাধীক গ্ৰেপ্তাৰ
author img

By

Published : Oct 8, 2020, 3:49 PM IST

নাওবৈচা,8 অক্টোবৰ: নাওবৈচাৰ লালুকৰ কৰুণাবাৰী বেচাপট্ৰিত 4 অক্টোবৰত সংঘটিত হোৱা এচিড আক্ৰমণৰ মূল অভিযুক্তক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে লালুক আৰক্ষীয়ে । উল্লেখ্য যে,এটা পৰিয়ালৰ শিশু,যুৱতীসহ 5 জন লোকক এচিড নিক্ষেপ কৰিছিল দুই দুৰ্বৃত্তই । যাৰ পৰিপ্ৰেক্ষিতত ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে আক্ৰমণৰ বলি হোৱা মনিমা বেগম নামৰ যুৱতী গৰাকী বৰ্তমানো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

লালুকৰ এচিড আক্ৰমণৰ দুই অপৰাধীক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ অপৰাধী নাস্তিক দাস ওৰফে দেৱজিৎ আৰু মুছফিকুল হকে পূৰ্ব পৰিকল্পিতভাৱে এই ভয়াৱহ কাণ্ডটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে । আনহাতে,একপক্ষীয় প্ৰেম-ভালপোৱাৰ বাবে অভিযুক্ত‌ই এই আক্ৰমণ কৰাৰ বুলি আৰক্ষী অধীক্ষক লংনিট টেৰাঙে জানিবলৈ দিয়ে । গ্ৰেপ্তাৰ হোৱা অভিযুক্তই যাতে কোনোপধ্যে সাৰি যাব নোৱাৰে,তাৰ যাৱতীয় ব্যৱস্থা কৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত গাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.