ETV Bharat / state

লখিমপুৰৰ বান্দৰদেৱাত নিষিদ্ধ হেৰ'ইন সহ নগদ ধন জব্দঃ আটক 2

author img

By

Published : Nov 26, 2020, 3:47 PM IST

বান্দৰদেৱাৰ বৰা উপাধিৰ এগৰাকী মহিলা আৰু লখিমপুৰৰ চৰিফুল ইছলামৰ পৰা 10.299 গ্ৰাম সন্দেহ যুক্ত হেৰ'ইন, গাঞ্জা, নগদ এক লাখ উনচল্লিশ হাজাৰ টকা আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

nowboicha-drugs-paddler-arrested
লখিমপুৰৰ বান্দৰদেৱাত নিষিদ্ধ হেৰ'ইন সহ নগদ ধন জব্দঃ আটক 2

নাওবৈচা, ২৬ নৱেম্বৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত বৃহস্পতিবাৰে পুনৰ নিষিদ্ধ হেৰ'ইন, নগদ ধন আৰু এই অবৈধ বেহাৰ লগত জড়িত এজন পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে দুপৰীয়া বিহপুৰীয়া থানাৰ আৰক্ষী পৰিদৰ্শক হিৰণ্য পাটৰ আৰু বান্দৰদেৱা থানাৰ আৰক্ষী বিষয়া মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত এই সফলতা লাভ কৰে আৰক্ষীয়ে।

বান্দৰদেৱাৰ বৰা উপাধিৰ এগৰাকী মহিলা আৰু লখিমপুৰৰ চৰিফুল ইছলামৰ পৰা 10.299 গ্ৰাম সন্দেহ যুক্ত হেৰ'ইন, গাঞ্জা, নগদ এক লাখ উনচল্লিশ হাজাৰ টকা আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

লখিমপুৰৰ বান্দৰদেৱাত নিষিদ্ধ হেৰ'ইন সহ নগদ ধন জব্দঃ আটক 2

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা গৰাকীৰ স্বামী ৰাহুল বৰাই বান্দৰদেৱাত ড্ৰাগছৰ সাম্ৰাজ্য পাতি সমগ্ৰ লখিমপুৰতে এই কলা ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিপূৰ্বে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল ৰাহুল বৰা। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ বান্দৰদেৱাত এতিয়া ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে। আৰক্ষীয়ে অভিযান চলাই ইটোৰ পিছত সিটো অপৰাধীক গ্ৰেপ্তাৰ কৰিছে যদিও ড্ৰাগছৰ এই অবৈধ ব্যৱসায় নিঃশেষ কৰিবলৈ অসমৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক: নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.