ETV Bharat / state

কৃষক আইনৰ বিৰোধিতাৰে নাওবৈচাত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 10, 2020, 5:30 PM IST

দেশত বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষকৰ ওপৰত জাপি দিয়া কৃষক আইনৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে। নাওবৈচা আৰু কৰুণাবাৰী ব্লক কংগ্ৰেছৰ নেতৃত্বতো দলহাট তিনিআলিত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে।

nowboicha-congress-protest
কৃষক আইনৰ বিৰোধিতাৰে নাওবৈচাত কংগ্ৰেছৰ প্ৰতিবাদ

নাওবৈচা, ১০অক্টোবৰ: দেশত বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষকৰ ওপৰত জাপি দিয়া কৃষক আইনৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে। নাওবৈচা আৰু কৰুণাবাৰী ব্লক কংগ্ৰেছৰ নেতৃত্বতো দলহাট তিনিআলিত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নাওবৈচা ব্লক কংগ্ৰেছৰ সভাপতি আমুছ ধান,ব্লক কংগ্ৰেছৰ সম্পাদক বীৰেন বৰা,কৰুনাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বসন্ত বৰা,জিলা কংগ্ৰেছৰ সম্পাদক কুশ বৰা,মৃদুল বৰা,মৃদুল শইকীয়া,জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তপন চলিহা,নাওবৈছা মহিলা কংগ্ৰেছৰ সভানেত্ৰী শুভদ্ৰা গগৈ,অসম যুৱ কংগ্ৰেছৰ সম্পাদক জিতেন কলিতা, দলহাট সোনাপুৰ পঞ্চায়তৰ আঞ্চলিক সদস্য ক্ষিৰোদ মুদৈৰ লগতে বহু নেতা কৰ্মী। পুৱা দহ বজাৰ পৰা বাৰ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ।

লগতে পঢ়ক : বানৰ পিচত ঠন ধৰা ধাননি ডৰা দেখি উৎফুল্লিত মৰিগাঁৱৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.