ETV Bharat / state

নাওবৈচাত "কা" আৰু নতুন কৃষি আইন বাতিলৰ দাবীত ক'লা দিৱস পালন

author img

By

Published : Jan 24, 2021, 3:31 PM IST

কা' বাতিল আৰু নতুন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে দেওবাৰে প্ৰত্যেক জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ৰাজ্যজুৰি ক'লা দিৱস পালন কৰে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাওবৈচাতো আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Nowboicha_aasu_protest
নাওবৈচাত "কা" আৰু নতুন কৃষি আইন বাতিলৰ দাবীত ক'লা দিৱস পালন

নাওবৈচা, ২৪ জানুৱাৰী: ৰাজ্যত আজিও অব্যাহত আছে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ। কা' বাতিল আৰু নতুন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে দেওবাৰে প্ৰত্যেক জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ৰাজ্যজুৰি ক'লা দিৱস পালন কৰে ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বৃহত্তৰ নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থায়ো ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ'লহাট তিনিআলিত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি কা' আৰু নতুন কৃষি আইনৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

দেওবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত নাওবৈচা আঞ্চলিক ছাত্র সন্থাক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতিয়েও সহযোগিতা আগবঢ়ায় । কাৰ্যসূচীত নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শংকৰজ্যোতি নাথ আৰু যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিকৰ সম্পাদক বিশ্ব গোহাঁই সহিতে অৰ্দ্ধশতাধিক ছাত্রকৰ্মীয়ে অংশ গ্ৰহণ কৰে।

লগতে পঢ়ক: মোদী-শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যজুৰি AASU ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.