ETV Bharat / state

Sudden visit of Lakhimpur DC : লখিমপুৰৰ স্কুলত ছাডেন ভিজিট উপায়ুক্তৰ; নিলম্বিত হ’ল প্ৰধান শিক্ষক - মধ্যাহ্ন ভোজন আঁচনিৰ নামতো কেলেংকাৰী

লখিমপুৰত এখন স্কুলত ছাডেন ভিজিট দিলে জিলাৰ উপায়ুক্ত সুমিত সত্তাৱনে (Sudden visit of Lakhimpur DC)। ধৰা পেলালে কিমিন EX কলনী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈ থকা বিসংগতি তথা অনিয়ম ৷ যাৰ পৰিণতিত নিলম্বিত হ’ল প্ৰধান শিক্ষয়িত্ৰী ইভাৰাণী চেতিয়া ।

Sudden visit of Lakhimpur DC
ছাডেন ভিজিট দিলে জিলাৰ উপায়ুক্ত সুমিত সত্তাৱনে
author img

By

Published : Jun 10, 2023, 3:37 PM IST

ছাডেন ভিজিট দিলে জিলাৰ উপায়ুক্ত সুমিত সত্তাৱনে

লখিমপুৰ, 10 জুন : গৰমে দহিছে ৰাজ্যবাসীক (Heat waves hits Assam) ৷ বিশেষকৈ এই গৰমত অশেষ কষ্ট ভোগ কৰিবলগাত পৰিছে ৰাজ্যৰ শিক্ষাৰ্থাসকল ৷ শিক্ষাৰ্থীসকলক গৰমৰ পৰা কিছু সকাহ দিবলৈ ৰাজ্যৰ চৰকাৰে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী কিছু সলনি কৰিছে (School time change in Assam) ৷ কিন্তু ইমানৰ পাচতো ৰাজ্যৰ শিক্ষা বিভাগৰ জাননীক কেৰেপ নকৰি নিজৰ খিয়ালসূচী মতে বিদ্যালয়লৈ আহি থাকিল একাংশ চৰকাৰী শিক্ষক ৷

সময় বৃহস্পতিবাৰৰ পুৱা ৷ ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি, 7:30 বজাত বিদ্যালয়ত উপস্থিত হ’ল শিক্ষাৰ্থী ৷ 1/2 মিনিটকৈ ঘড়ীৰ কটা ঘূৰিল ৷ কিন্তু 9:30 বজালৈ বিদ্যালয়ত উপস্থিত নহ’ল প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষক ৷ আমি কৈ থকা এই বিশেষ বিদ্যালয়খন হৈছে নাওবৈচাৰ ‘‘কিমিন EX কলনী প্ৰাথমিক বিদ্যালয়’’ ৷

শুকুৰবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ পূৰ্বেই বিদ্যালয়ত উপস্থিত হ’ল লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱন (Sudden visit of Lakhimpur DC) ৷ বিদ্যালয়ৰ অৱস্থা দেখি চকু কপালত উঠিল জিলাৰ উপায়ুক্তগৰাকীৰ ৷ গুণোৎসৱত ডি গ্ৰেড পোৱা স্কুলত লখিমপুৰৰ উপায়ুক্তগৰাকীয়ে ছাডেন ভিজিট দিওঁতেই ওলাই পৰে উৰহী গছৰ উৰ ।

বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে নাজানে স্বৰ-বৰ্ণ আৰু ব্যঞ্জনবৰ্ণ ৷ আনকি বিদ্যালয়খনত মধ্যাহ্ন ভোজন আঁচনিৰ নামতো কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উক্ত বিদ্যালয়খনৰ সামগ্ৰীক পৰিস্থিতি প্ৰত্যক্ষ কৰি ক্ষুন্ন হৈ পৰে উপায়ুক্তগৰাকী ।

ইফালে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱনে কিমিন EX কলনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীক পলমকৈ বিদ্যালয়লৈ অহাৰ কাৰণ সুধাত চালে-বেৰে কোবোৱা উত্তৰ দিয়ে তেওঁ ৷ ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে অধিক ছাত্ৰ-ছাত্ৰী দেখুৱাই চৰকাৰী ধন হৰলুকী কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ মধ্যাহ্ন ভোজনৰ নামত শিক্ষাৰ্থীক বিগত এটা এসপ্তাহে কেৱল খিচিৰি খোৱাই অহাৰো অভিযোগ উঠিছে ৷

Sudden visit of Lakhimpur DC
নিলম্বিত কিমিন EX কলনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক

ইফালে এই ছাডেন ভিজিটৰ পাচতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ইভাৰাণী চেতিয়া আৰু সহকাৰী শিক্ষক বিতোপন শইকীয়া বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে । উপায়ুক্তগৰাকীৰ নিৰ্দেশৰ পাচত শুকুৰবাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াই DEEO এক নিৰ্দেশযোগে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক নিলম্বিত কৰে (North Lakhimpur School Headmaster Suspended After DCs Sudden Visit)।

লগতে পঢ়ক : Heat waves hits Assam: 6 জুনৰ পৰা সলনি হ’ব বিদ্যালয়ৰ পাঠদানৰ সময়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.