হোজাই,12 মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা শুকুৰবাৰে হোজাই জিলাতো দাখিল কৰা হয় মনোনয়ন পত্ৰ । বিজেপি আৰু কংগ্ৰেছ দলে মনোনয়ন পত্ৰ দাখিলত নিজৰ নিজৰ সামৰ্থ প্ৰদৰ্শন কৰে ।
জিলাখনত কংগ্ৰেছ দলক বিধায়ক ৰকিবুল হুছেইনৰ বিপৰীতে বিজেপি দলক সংগ দিয়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব দিয়া দুটা সমষ্টি ক্ৰমে- হোজাই আৰু লামডিঙৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ সৈতে মন্ত্ৰী হিমন্তই পদযাত্ৰা কৰে ।
বহু দলীয় সমৰ্থকেৰে বিৰ দি বাট নোপোৱা অৱস্থাৰ মাজতে ঢোলে-ডগৰে হোজাই জিলা সদৰ শংকৰদেৱ নগৰত থকা উপায়ুক্ত কাৰ্যালত বিজেপিৰ দুয়ো প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন । শিলাদিত্য দেৱৰ ঘৰত উপস্থিত হৈ বুজনি দি সংবাদমেলত শিলাদিত্য দেৱে মনোনয়ন দাখিলৰ ক্ষেত্ৰত উপস্থিত থাকিব বুলি ঘোষণা কৰিছিল মন্ত্ৰী হিমন্তই ৷ কিন্তু মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত নহ’ল শিলাদিত্য দেৱ । হোজাই সমষ্টিত টিকট নোপোৱা শিলাদিত্য দেৱক মনোনয়ন পত্ৰ দাখিলত দেখা পোৱা নগ’ল ৷
আনহাতে, কংগ্ৰেছ দলৰ লামডিং সমষ্টিৰ প্ৰাৰ্থী স্বপন কৰ আৰু হোজাই সমষ্টিৰ প্ৰাৰ্থী দেবু সাহাই ৰকিবুল হুছেইনক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে । জোৰাপুখুৰীৰ পৰা শংকৰদেৱ নগৰত থকা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদলত ভাগ লৈ পশ্চিমবংগৰ নিৰ্বাচনী শ্ল’গান ব্যৱহাৰ কৰে । ‘এইবাৰ খেলা হবে খেলা হবে, হোজাই আৰু লামডিং সমষ্টি এইবাৰ কংগ্ৰেছৰ হবে’ বুলি মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক : এইবাৰ নিৰ্বাচনত নিৰপেক্ষ ভূমিকা পালন কৰিব বড়ো সাহিত্য সভাই