ETV Bharat / state

New flight in Lakhimpur: লখিমপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ তিনিখনকৈ নতুন বিমান সেৱা আৰম্ভ

author img

By

Published : Oct 30, 2022, 1:40 PM IST

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰ(Lilabari Airport in Lakhimpur)ত তিনিখনকৈ নতুন বিমানৰ সংযোজন । দিল্লীৰ পৰা কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেলী মুকলি কৰে নতুনকৈ তিনিখনকৈ বিমান সেৱা ।

new flight inauguration in lakhimpur
লখিমপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ তিনিখনকৈ নতুন বিমান সেৱা আৰম্ভ

লখিমপুৰ,৩০ অক্টোবৰ: দেওবাৰৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰে(Lilabari Airport in Lakhimpur) পালে এক সুকীয়া চিনাকি । নতুনকৈ তিনিখন বিমান সেৱা আৰম্ভ হ’ল দেশৰ বিভিন্ন প্ৰান্তলৈ । কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেলী মুকলি কৰে এই সেৱা । দিল্লীৰ পৰা ভাৰ্চুৱেলী এই সেৱা উদ্বোধন কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই (Union Minister for Civil Aviation Jyotiraditya Scindia) ।

এই উপলক্ষে লীলাবাৰী বিমান বন্দৰত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত সত্তাৱনসহ কেইবাজনো বিশিষ্ট ব্যক্তি । কেক কাটি সাংসদ তথা বিধায়কগৰাকীয়ে এই নতুন বিমান সেৱাৰ শুভাৰম্ভ কৰে (New flight inauguration) ।

উল্লেখ্য যে, লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা দেওবাৰৰ পৰা এলায়েন্স এয়াৰ(Alliance Air) ৰ তিনিখন বিমানৰ নতুন উৰণ আৰম্ভ হৈছে (Three new flights from Lakhimpur) । এখন বিমান সপ্তাহত পাচদিনকৈ ইম্ফল আইজললৈ অহা যোৱা কৰিব । আন এখন বিমান সপ্তাহত দুদিন কৈ লীলাবাৰী আৰু জিৰ'ৰ মাজত চলাচল কৰিব । আন এখন বিমান সপ্তাহত চাৰিদিনকৈ চলিব লীলাবাৰী শ্বিলঙৰ মাজত ।

ইয়াৰ পূর্বে, এলায়েন্স এয়াৰৰ এখন বিমান নিতৌ লীলাবাৰী কলকতাৰ মাজত চলাচল কৰি আছিল । দেওবাৰৰ পৰা আৰম্ভ হোৱা নতুন বিমান কেইখনে দ্ৰুত আকাশী পৰিবহন ব্যবস্থাত আমুল পৰিৱৰ্তন সাধন কৰিব বুলি লখিমপুৰীয়া ৰাইজে আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Corruption in Majuli IWT : যাত্ৰীৰ জিৰণি গৃহৰ নামত কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.