ETV Bharat / state

World Environment day: ঘৰৰ চৌহদতে গঢ়ি তুলিছে তপোবন সদৃশ বাগিচা

author img

By

Published : Jun 5, 2023, 2:25 PM IST

লখিমপুৰৰ ঘুনাসুতিৰ শিক্ষকে নিজৰ ঘৰৰ চৌহদতে গঢ়ি তুলিছে বাগিচা (Nature lovers appeal students to make garden) । এইখন বাগিচা চাবলৈ নিতৌ আগমণ ঘটে ছাত্ৰ-ছাত্ৰীৰ । বিশ্ব পৰিৱেশ দিৱসৰ দিনা তেওঁ নৱ প্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ বাবে জনালে আহ্বান ।

Nature lovers appeal students to make garden
ঘৰৰ চৌহদতে গঢ়ি তুলিছে বাগিচা
ঘৰৰ চৌহদতে গঢ়ি তুলিছে বাগিচা

লখিমপুৰ, ৫ জুন: আজি বিশ্ব পৰিৱেশ দিৱস (World Environment day2023)। ৰজাঘৰে প্ৰজাঘৰে আয়োজন কৰিছে এই দিৱস। পৰিৱেশ ৰক্ষাৰ শ্লোগান আওৰোৱা হ'ব আজিৰ দিনটোতই। পিছে দিনটো অন্ত পৰাৰ পাছত বছৰটোলৈ অন্ত পৰিব এনে তৎপৰতা (World Environment day celebrated in Assam)। ইয়াৰ মাজতো একাংশলোক ব্য়স্ত হৈ আছে পৰিৱেশ সুৰক্ষাত । লখিমপুৰ জিলাৰ ঘুনাসুতিৰ এগৰাকী শিক্ষকে বছৰ জুৰি পৰিৱেশ ৰক্ষাৰ লগতে সৌন্দর্যৰ আকৰ কৰি গঢি তুলিছে তেওঁৰ নিজৰ চৌহদটো । বিশ্ব পৰিৱেশ দিৱসৰ দিনা তেওঁ নৱ প্ৰজন্মক এক বিশেষ আহ্বান জনাই কয় যে সৌন্দর্যৰ অনুভূতিয়ে জীয়াই থকাৰ প্ৰেৰণা দিয়ে ।

লখিমপুৰৰ এগৰাকী আদৰ্শবান শিক্ষকে কৰি দেখুৱাইছে আদৰণীয় কাম (Nature lovers of Lakhimpur)। লখিমপুৰৰ ঘুনাসুতিৰ শিক্ষক চন্দন টাইদে নিজৰ ঘৰৰ চৌহদটো তপোবন সদৃশ কৰি গঢ়ি তুলিছে । চৌদিশে চালে চকু জুৰোৱা ফুলৰ সমাহাৰ । ঔষধি গছেৰে ভৰি আছে তেওঁৰ চৌহদ । উদ্যানৰ দৰে সজাই পৰাই তোলা তেওঁৰ চৌহদটো চালে চকু আঁতৰাব নোৱাৰি। তেওঁ গঢ়ি তোলা এই তপোবনৰ ৰূপ সুধা পান কৰিবলৈ আগমন ঘটে সৌন্দর্য পিপাসু সকলৰ ।

ছাত্র-ছাত্রী সকলো যায় ফুল আৰু প্ৰকৃতিৰ নিৰিবিলি সৌন্দর্যৰ সমাহাৰত উমলি যামলি প্ৰকৃতিৰে একাত্ম হ'বলৈ। নিতৌ কবিৰাজৰো আগমন ঘটে বনৌষধিৰ সন্ধানত । এই তপোবনত বন্য বিহংগয়ো মুকলি মনেৰে ডালে পাতে জপিয়াই কলৰবৰে মুখৰিত কৰি ৰাখে দিনে নিশাই । এনে এক মোহনীয় পৰিৱেশ গঢ় দিয়া চন্দন কুটীৰৰ গৰাকী, শিক্ষক তথা প্ৰাকৃতিক সৌন্দর্যৰ আকৰ গঢ়োতা চন্দন টাইদ হৈছে অসমৰ প্ৰখ্যাত ব্যক্তিসকলৰ অন্যতম টাবুৰাম টাইদৰ পৰিয়ালৰ এগৰাকী ।

তেওঁ শিক্ষকতাৰ সমানে প্ৰকৃতিৰ পৰশ লৈ, প্ৰকৃতিক আলফুলে লালন পালন কৰি সঁচা অৰ্থত প্ৰকৃতিপ্ৰেমী বুলি পৰিচিত হৈছে । তেওঁৰ চৌহদত সৌন্দর্য বিনন্দীয়া, বন্দে মাতৰম,লাভ গড, ওঁম শান্তি আদি বিভিন্ন বাক্যাংশক বনেৰে লিখিবলৈও প্ৰয়াস কৰিছে। এইগৰাকী সৌন্দর্যৰ সাধক চন্দন টাইদে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিশেষকৈ ছাত্র সমাজক এনেদৰে প্ৰত্যেকেই নিজৰ চৌহদটো সজাই পৰাই তুলিবলৈ আহ্বান জনায় । তেওঁ কয় যে নিজে গঢ় দিয়া প্ৰাকৃতিক সৌন্দর্যই যি আমেজ অনুভূতি দিব সেয়াই জীয়াই থকাৰ প্ৰেৰণা যোগাব । সুখৰ চিন স্বৰূপে নৱ প্ৰজন্ম, ছাত্র ছাত্রী সকলোকে পৰিৱেশ ৰক্ষাৰ লগতে সৌন্দর্যৰ আকৰ এনেদৰে নিজৰ চৌহদত গঢ় দিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক:World Environment day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.