বিহপুৰীয়া,30 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে চিলনী চোৰৰ উপদ্ৰৱ ৷ লখিমপুৰ নাৰায়ণপুৰ থানাৰ সমীপতে সংঘটিত হয় পুনৰ চিলনী চোৰৰ ঘটনা ৷ সোমবাৰে নাৰায়ণপুৰৰ এম কে গ’ল্ড পেলেছ নামৰ জুৱেলাৰ্ছখনৰ পৰা দুৰ্বৃত্তই লুটি নিলে সোণসহ নগদ ধন ৷ লগতে দু্ৰ্বৃত্তৰ আক্ৰমণত আহত হয় এম কে গ’ল্ড পেলেছ নামৰ জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰী সুদীপ্ত কৰ্মকাৰৰ পত্নী মণি কৰ্মকাৰ ৷
ঘটনা অনুসৰি জুৱেলাৰ্ছখন বন্ধ কৰি সোণৰ টোপোলাসহ ঘৰলৈ যোৱাৰ পথত পালচাৰ বাইকত অহা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰী সুদীপ্ত কৰ্মকাৰৰ পত্নী মণি কৰ্মকাৰ ৷ মণি কৰ্মকাৰক আক্ৰমণ কৰি সোণৰ টোপোলা সহ নগদ ধন কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা পলায়ণ কৰে দুবৃৰ্ত্তই ৷ টোপোলাটোত সোণৰ লগতে নগদ ধন আৰু জুৱেলাৰী আছিল ৷ দুৰ্বৃত্তৰ আক্ৰমণত এখন হাত ভাঙি যায় মণি কৰ্মকাৰৰ ৷ সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে মহিলাগৰাকীক ৷ প্ৰাপ্ত তথ্য মতে লুটি নিয়া সোণখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা ৷