ETV Bharat / state

Lakhimpur murder case: জালত পৰিল মোমায়েকৰ তেজেৰে হাত ৰাঙলী কৰা ইমাম ছফিকুল

author img

By

Published : Mar 21, 2023, 5:14 PM IST

Updated : Mar 21, 2023, 7:16 PM IST

লখিমপুৰ আৰক্ষীৰ জালত মোমায়েকক হত্যা কৰি পলাতক অৱস্থাত থকা ইমামতি কৰা ভাগিন ৷ দেওবাৰে এডাল গছৰ বাবে ভাগিনে দাৰে ঘপিয়াই হত্যা কৰিছিল মোমায়েকক (Murderer arrested in Lakhimpur) ৷

murderer arrested in Lakhimpur
পশুৰূপী ইমাম, আৰক্ষীৰ জালত মোমাইহন্তা ভাগিন

লখিমপুৰ, ২১ মাৰ্চ : এডাল গছেই কাল হ’ল মকবুলৰ ৷ মোমাই-ভাগিনৰ ভয়ংকৰ কাজিয়াৰ পৰিণতি ভাগিনিয়েকৰ হাতত প্ৰাণ হেৰুৱালে মোমায়েকে (Brutal murder case in Lakhimpur) ৷ অৱশেষত সোমবাৰে লখিমপুৰ আৰক্ষীৰ জালত পৰে মোমাইহন্তা ভাগিন (Imam brutally killed uncle) ৷

জীৱশ্ৰেষ্ঠ মানৱৰ দানৱ ৰূপ ৷ ঘটনা অনুসৰি 19 মাৰ্চ অৰ্থাৎ দেওবাৰে নিশা লখিমপুৰ জিলাৰ নাওবৈচাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চল জোঁকাৰি গৈছিল (Sensational murder in Lakhimpur) ৷ এডাল গছক কেন্দ্ৰ কৰি মোমায়েক মকবুল হুছেইন আৰু ভাগিন ছফিকুল ইছলামৰ মাজত দীৰ্ঘদিন ধৰি বিবাদৰ সৃষ্টি হৈ আছিল ৷ কিন্তু দেওবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ লোৱাত নিশা মোমায়েক আৰু ভাগিনিয়েকে ইজনে সিজনৰ ওপৰত জঁপিয়াই পৰে ৷ তাৰ মাজতে হাতত থকা দাৰে মোমায়েকৰ মুখ আৰু ডিঙিত উপৰ্যুপৰি ঘপিয়াই ভাগিনিয়েক ছফিকুলে (Imam Killed uncle)।

লগে লগে ঘটনাস্থলীতে তেজেৰে লুটুৰি পুতুৰি হৈ বাগৰি পৰে মকবুল ৷ ভাগিনৰ দাৰ ঘাপতে থিতাতে প্ৰাণ ত্যাগ কৰে মোমায়েক মকবুলে ৷ এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ভাগিনিয়েক ছফিকুল ৷

এই ঘটনাৰ খবৰ পায় ঘটনাস্থলীত লখিমপুৰ আৰক্ষী উপস্থিত হৈছিল ৷ আৰক্ষীয়ে মকবুলৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে ছফিকুলক বিচাৰি তদন্ত অব্যাহত ৰাখিছিল ৷ অৱশেষত আৰক্ষীয়ে সোমবাৰে নিশা পলাতক ইমাম ছফিকুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Murderer arrested in Lakhimpur)।

তাৰ পিচতেই দুপৰীয়া আৰক্ষীয়ে ধৃত ছফিকুলক লখিমপুৰ সদৰ থানাত হাজিৰ কৰে (Killer imam arrested) । উল্লেখ যে, ছফিকুল পেছাত এটা মছজিদৰ ইমাম । ইমাম হৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰা এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

স্মৰ্তব্য যে, ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধৰ ঘটনা ৷ প্ৰায় প্ৰতিদিনেই সংঘটিত হ’বলৈ লোৱা এনে নৃশংস অপৰাধৰ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়ক: Sensational murder: এডাল গছৰ বাবেই মোমায়েকৰ তেজেৰ হাত ৰাঙলী কৰিলে ভাগিনে

Last Updated : Mar 21, 2023, 7:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.