ETV Bharat / state

BJP leader arrested: ঘনিষ্ঠ হ’লেও কেৰামতৰ কেৰামতালী নসহে বিধায়ক মানৱ ডেকাই - Manab Deka reacts on Keramat Ali

ঘনিষ্ঠ বিজেপি নেতা কেৰামত আলীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মানৱ ডেকাই ৷ বেয়া মানুহৰ বিজেপিত স্থান নাই বুলি এক প্ৰকাৰ সকীয়নি দিলে বিধায়কগৰাকীয়ে ৷

BJP leader arrested
Manab Deka reacts on Keramat Ali
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:55 PM IST

কেৰামতৰ কেৰামতালী নসহে বিধায়ক মানৱ ডেকাই

লখিমপুৰ, 15 নৱেম্বৰ: লখিমপুৰ জিলা বিজেপিৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ কেৰামত আলীক মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বিভিন্নজনৰ পৰা মন্ত্ৰী-সাংসদ-বিধায়কৰ নামত আঁচনিৰ ঠিকা আদি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তাৰ পাচতেই ‘বেয়া মানুহ’ৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ’ল বিজেপি বিধায়ক মানৱ ডেকাক ৷

কেৰামত আলী আছিল আছিল বিধায়ক মানৱ ডেকাৰ অতি ঘনিষ্ঠ ৷ সেই সুবাদতেই ইমান দিনে এনেদৰে প্ৰৱঞ্চনাৰে ধনৰ ভঁড়াল টনকিয়াল কৰিছিল কেৰামতে ৷ কিন্তু লগতে থকা ঘঁৰিয়ালক ইমান দিনে যেন চিনিয়েই পোৱা নাছিল বিধায়ক মানৱ ডেকাই ৷ এতিয়া ধৰা পৰাৰ পাচতে কেৰামতৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছে বিধায়ক ডেকাক ৷

এই সন্দৰ্ভত বুধবাৰে বিধায়ক মানৱ ডেকাই বিজেপি দলত বেয়া কাম কৰা মানুহৰ ৰেহাই নাই বুলি সতৰ্কবাৰ্তা দিয়ে । বেয়া কাম কৰিলে বিধায়কৰ ভাতৃ অথবা সন্তান হ’লেও এই চৰকাৰৰ দিনত ৰেহাই নাপাব বুলি কয় বিধায়কগৰাকীয়ে ।

‘‘বিজেপি দলত বেয়া কাম কৰা মানুহৰ স্থান নাই । বেয়া কাম কৰিলে বিধায়কৰ ভাতৃ অথবা সন্তান হ’লেও বিজেপি চৰকাৰৰ দিনত, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰেহাই নাপাব ।’’ এই সতৰ্কবাৰ্তা লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ । তেওঁ লগতে কয় যে বিজেপি দলত যিসকল ভাল মানুহ তেওঁলোক ভালদৰে আগবাঢ়ি যাব আৰু যিসকল বেয়া মানুহ তেওঁলোক আইনৰ সন্মুখীন হ’ব ।

উল্লেখ্য যে জিলা সংখ্যা লঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ কেৰামত আলী আছিল বিধায়ক মানৱ ডেকাৰ অতি ঘনিষ্ঠ । তেওঁ বিধায়ক, সাংসদ, মন্ত্ৰী আদিৰ নাম লৈ বহু লোকৰ পৰা আঁচনি, ঠিকা আদি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠে । এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত ঘনিষ্ঠ হ’লেও বিধায়ক মানৱ ডেকাই কেৰামত আলীক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে কঠোৰ স্থিতি লৈ আৰক্ষীক আইনী ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে ।

যাৰ বাবে আৰক্ষীয়ে সোমবাৰে নিশা কেৰামত আলীক আটক কৰি আনি সদৰ থানাত সোধা-পোচা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰি মঙলবাৰে সন্ধিয়াই আদালতত হাজিৰ কৰে । আদালতত আৰক্ষীয়ে তেওঁক পাঁচ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তিনিদিনৰ অনুমতি দিয়ে । সম্প্ৰতি কেৰামত আলী আৰক্ষীৰ জিম্মাত আছে । তেওঁৰ অধিবক্তাই আদালতত জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে নাকচ কৰে ।

লগতে পঢ়ক: Lakhimpur BJP Leader Arrest : তিনিদিনৰ আৰক্ষী জিম্মাত লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.