ETV Bharat / state

Mission Indradhanush in Assam: লখিমপুৰত মিছন ইন্দ্ৰধনুষ অভিযানৰ শুভাৰম্ভ - Mission indradhanush in Lakhimpur

লখিমপুৰত টীকাকৰণৰ পৰা বাদ পৰি যোৱা শিশুসকলক সম্পূৰ্ণ টীকাকৰণ কৰাৰ উদ্দেশ্যে আৰম্ভ মিছন ইন্দ্ৰধনুষ । শনিবাৰে জিলা আয়ুক্ত সুমিত সাত্তাৱানে আনুষ্ঠানিকভাৱে এই অভিযানৰ পাতনি মেলে ।

Mission indradhanush
মিছন ইন্দ্ৰধনুষ অভিযান
author img

By

Published : Aug 7, 2023, 1:55 PM IST

মিছন ইন্দ্ৰধনুষ অভিযান

লখিমপুৰ, ৭ আগষ্ট : সোমবাৰে সমগ্র ৰাজ্যজুৰি আৰম্ভ কৰা হয় মিছন ইন্দ্ৰধনুষ অভিযান । ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে লখিমপুৰ জিলাতো শুভাৰম্ভ কৰা হয় এই অভিযানৰ । জিলা আয়ুক্ত সুমিত সাত্তাৱানে এটি শিশুক ঔষধ খুৱাই আনুষ্ঠানিকভাৱে জিলাখনত এই অভিযানৰ পাতনি মেলে ।

এই উপলক্ষে জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় উদ্বোধনী অনুষ্ঠানৰ । এই অনুষ্ঠানত জিলা আয়ুক্ত সুমিত সাত্তাৱানে এটি শিশু ক ঔষধ খুৱাই জিলাখনত মিছন ইন্দ্ৰধনুষ অভিযানৰ শুভাৰম্ভ কৰে ।

জিলা ইমুনাইজেচন বিষয়া ডাঃ ভাৰতী গগৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত সুমিত সাত্তাৱানে ক'ভিড কালীন পৰিস্থিতিৰ লগতে বিভিন্ন কাৰণত বাদ পৰি যোৱা শিশু আৰু গৰ্ভৱতী মহিলা সকলক এই অভিযানে সম্পুর্ণ কৈ সামৰি ল'ব বুলি আশা প্ৰকাশ কৰে । তেওঁ স্বাস্থ্য কৰ্মীসকলক জিলা প্ৰশাসন,প্ৰয়োজন বোধে আৰক্ষী প্ৰশাসনে সম্পূর্ণ সহযোগ কৰিব বুলি উল্লেখ কৰাৰ লগতে এই অভিযান সফল কৰি তোলাত সংবাদ মাধ্যমৰো সহযোগিতা কামনা কৰে ।

উল্লেখ্য যে, লখিমপুৰ জিলাত কালিৰে পৰা ১২ আগষ্ট লৈ, ১১ ছেপ্টেম্বৰ ৰ পৰা ১৭ ছেপ্টেম্বৰ আৰু ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ এই অভিযান চলোৱা হ'ব । প্ৰথম পৰ্যায়ত জিলাখনত মুঠ ২২৮ দিনত ৩১৬ গৰাকী গৰ্ভৱতী মহিলা, ৯৮৫ টা দুবছৰৰ তলৰ শিশু, ৩৫৩ টা দুবছৰৰ পৰা পাঁচ বছৰীয়া শিশুক এই অভিযানত সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে । ইয়াৰ বাবে ২১২ গৰাকী এ এন এমক বিশেষ দায়িত্ব দিয়া বুলিও জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।

অহা ২০২৪ৰ ভিতৰত সৰু আই, ৰুবেলা নাইকীয়া কৰাৰ লক্ষ্যৰে এই অভিযান পুনৰ আৰম্ভ কৰাৰ কথা উদ্বোধনী অনুষ্ঠানত বক্তা সকলে উল্লেখ কৰে । এই অনুষ্ঠানটোত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গুণীন গগৈ, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ তৰুণ গগৈ আদিৰ লগতে স্বাস্থ্য কৰ্মী, আশা, একাংশ হিতাধীকাৰীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:Mission Indradhanush: নলবাৰীত মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.