লখিমপুৰ, ২ মাৰ্চ : অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সমাজ অসমৰ এটা চহকী পুৰণি জনগোষ্ঠী ৷ শেহতীয়াকৈ অসমৰ কেইবাঠাইতো তেওঁলোকে পালন কৰিছে জনজাতীয় পঃৰাগ উৎসৱ (Mising coomunity porag festival) ৷
বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে এই পঃৰাগ উৎসৱ ৷ একোটা অঞ্চলৰ পৰা বিয়া দি বিদায় দিয়া জীয়ৰীসকলৰ লগতে জোৱাই সকলকো আমন্ত্ৰণ কৰি আনি অতি জাকজমকতা তথা আনন্দ ফুৰ্তিৰ মাজেৰে পালন কৰা হয় এই উৎসৱ ।
লখিমপুৰৰ কলিগাঁৱতো পূৰ্বৰ ৰীতি-নীতিৰে চাৰিদিনীয়াকৈ এইবাৰো পালন কৰা হয় পঃৰাগ উৎসৱ (Porag festival in Lakhimpur) । ৰঙীণ হৈ পৰিল লখিমপুৰৰ কলিগাঁও অঞ্চল । চাৰিদিনীয়াকৈ পতা পঃৰাগ উৎসৱত পাৰভঙা আনন্দত বিলীন কলিগাঁৱৰ ৰাইজ । বিগত চাৰিদিন ধৰি ৰঙীন হৈ পৰিল লখিমপুৰৰ কলিগাঁও ।
গাঁৱে-ভূঞে, পথাৰে-সমাৰে চকু চাট মৰা ৰঙীন সাজ সজ্জা, আকাশ বতাহ নিনাদিত কৰি ঢোলৰ গুমগুমনি, সুৰীয়া মিচিং লোক সংস্কৃতিৰ ঐক্য তানত মুখৰিত হল কলিগাঁও । লখিমপুৰৰ ঘুনাসূঁতিৰ কলিগাঁৱত চাৰিদিনীয়া কাৰ্যসূচীৰে মিচিংসকলৰ পঃৰাগ উৎসৱ উদযাপন উপলক্ষে এই বাৰেৰহনীয়া পৰিৱেশে বিৰাজ কৰে ।
উল্লেখযোগ্য যে, অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা পঃৰাগ উৎসৱ সম্পূর্ণ জাতীয় পৰম্পৰাৰ মাজেৰে ২৬ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰে ৷ পঃৰাগ উৎসৱক লৈ উখল-মাখল পৰিৱেশ সৃষ্টি হয় কলিগাঁৱত । আনন্দত আপোন পাহৰা হয় ৰাইজ । মুৰং ঘৰত পৰম্পৰাগত নীতি-নিয়মেৰে ডাঙৰীয়া পূজা সমাপন আদিৰ লগতে পঃৰাগ উৎসৱৰ বাবে আমন্ত্ৰিত মিনম অর্থাৎ ডেকা-গাভৰুৰ দলক পৰম্পৰাগত ভাৱে গাঁওবাসীয়ে আদৰি আনে ঢোলে-দগৰে ।
আমন্ত্ৰণ কৰি অনা মিনম সকলে পঃৰাগ উৎসৱত গোমৰাগ, ঐনিতমেৰে মুখৰিত কৰি তোলে পঃৰাগস্থলী । ইয়াৰ উপৰিও পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে আদৰি অনা হয় পঃৰাগ উৎসৱৰ মুল ব্যক্তি দনদাই বা দেও গৰাকীক । ইফালে দূৰ-দূৰণিত বিয়া হোৱা কলিগাঁৱৰ প্ৰায় ৫৩ গৰাকী জী-জোৱাইক পঃৰাগ উৎসৱলৈ আমন্ত্ৰণ জনাই আপ্যায়ন কৰে উদযাপন সমিতিয়ে । বিগত পাঁচটি বছৰৰ পাচত মিচিংসকলৰ এই পঃৰাগ উৎসৱৰ পৰম্পৰা নিয়ম অনুসৰি মিনম সকলে গোমৰাগ চঃমান, ঐনিতমেৰে মুখৰিত কৰি তোলে পঃৰাগস্থলী ।
লগতে পঢ়ক : Mising people celebrating Porag festival: পঃৰাগ উৎসৱ উদযাপনেৰে মুখৰিত হৈ পৰিছে জোনাইৰ শান্তিপুৰ গাঁও