ETV Bharat / state

BJP workers Meet at Laluk: মিছলীয়া কংগ্ৰেছৰ পৰা ৰাইজক সাৱধান হ’বলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

‘‘কংগ্ৰেছ দলৰ পৰা ৰাইজ সাৱধান হওঁক ৷’’ ৰাইজলৈ এই আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ লখিমপুৰ জিলাৰ লালুকত অনুষ্ঠিত গণসমাৱেশত উপস্থিত থাকি কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই ৷

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:46 PM IST

BJP workers Meet at Laluk
মিছলীয়া কংগ্ৰেছৰ পৰা ৰাইজক সাৱধান হ’বলৈ আহ্বান মন্ত্ৰী পীযুষৰ

লখিমপুৰ, 7 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল ৷ তুংগত উঠিছে বাকযুদ্ধ ৷ মঙলবাৰে লখিমপুৰ জিলাৰ লালুকত বিজেপিৰ এক গণসমাৱেশ অনুষ্ঠিত হয় ৷ উক্ত সমাৱেশত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছক ৷

মন্ত্ৰী হাজৰীকাই কয়, ‘‘ কংগ্রেছে মিছা কথা কয় । এই অঞ্চলত মিছা কথা কোৱা বহু কংগ্ৰেছ নেতা আছে ৷ সেয়ে সমষ্টি সলনি কৰাৰ চেষ্টা কৰে ৷ সময়ত কাম কৰিব নোৱৰাৰ বাবে সমষ্টি সলনি কৰে ৷ সেয়ে দলটোৰ পৰা ৰাইজ সাৱধান হোৱা উচিত ।’’

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিধানসভাত বিজেপিৰ আসন বৃদ্ধি পাব বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে পূৰ্বতকৈ আসন আমাৰ বৃদ্ধি হ’ব ৷ বিজেপি সন্মিলিত শক্তিয়ে 100 ৰো অধিক আসন পাব ৷ লোকসভাত 12 খন আসন পাম ৷’’

প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ আমি দ্বিতীয় পৰ্যায়ৰ নেতা ৷ আমাৰ সভাত 6-7 হাজাৰ মানুহ হয় ৷ কিন্তু বৰাৰ সভাত 200-300 মানুহ হয় ৷ মুখ্যমন্ত্ৰী আৰু ভূপেন বৰা সমপৰ্যায়ৰ নেতা ৷ মই ভূপেন বৰা পৰ্যায়ৰ নেতা নহয় ৷ তথাপিও আমাৰ সভাত 6-7 হাজাৰ মানুহ হয় ৷ এইটোৱে হৈছে আমাৰ ডাঙৰ পাৰ্থক্য ৷ মুখ্যমন্ত্ৰী আহিলে লোকে লোকাৰণ্য হয় ৷ তেওঁলোকক আমি ভয় নাখাওঁ ৷ আমি আমাৰ কাম কৰি যাম ৷’’

আজিৰ সভাত উপস্থিত থাকে মন্ত্রী পীযুষ হাজৰীকাৰ লগতে বিধায়ক মানৱ ডেকা আৰু বিধায়ক অমিয় কুমাৰ ভূঞাসহ বিজেপিৰ বহু নেতা ৷

লগতে পঢ়ক:Ajanta Neog at Lakhimpur : লখিমপুৰৰ ত্যাগক্ষেত্ৰত বিজেপিৰ গণ সমাৱেশ, মন্ত্ৰী অজন্তা নেওগৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.