লখিমপুৰ, ২৭ জানুৱাৰী: ‘‘বিহলঙনীৰে নহয়, অসমৰ মহিলাই বেয়াকৈ খেদিব কংগ্ৰেছক । চোৰ-ডকাইত, ধৰ্ষণকাৰী, ড্ৰাগছ ব্যৱসায়ীৰ সমৰ্থক কংগ্ৰেছ কংগ্ৰেছ দল । যাৰবাবে অসমৰ মহিলাই বৰ বেয়াকৈ কোবাই কোবাই খেদিব কংগ্ৰেছক । কংগ্ৰেছক গাঁৱত সোমাবলৈয়ে নিদিব মহিলাই ।’’ বৃহস্পতিবাৰে লখিমপুৰত উপস্থিত হৈ এনেদৰে কয় মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika criticizing Congress) ।
লখিমপুৰত উপস্থিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰে মন্ত্ৰী পিযুষ হাজৰিকা (Minister Pijush Hazarika targets Congress) । ড্ৰাগছ বেপাৰী, চোৰ, ডকাইত,ধৰ্ষণকাৰীৰ পৰা ৰাজ্যখনক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বচাবলৈ চেষ্টা কৰাৰ বিপৰীতে কংগ্ৰেছে এইক্ষেত্ৰত বিধিপথালি দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Congress is supporting drug mafia says Pijush Hazarika ) ।
বৃহস্পতিবাৰে সন্ধিয়াৰ পুৰ্বে লখিমপুৰৰ জহিঙত নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছক আক্ৰমণ কৰি কংগ্ৰেছ দলক ৰাইজে এনেবোৰ কাৰণতে বাৰে বাৰে ক্ষমতাৰ পৰা আঁতৰাই ৰখা বুলি কয় ।
চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যাও কংগ্ৰেছৰেই অৱদান আৰু কংগ্ৰছৰ এনে অৱদানৰ বাবে বিজেপি চৰকাৰে এতিয়া প্ৰায়শ্চিত্ত কৰিবলগীয়া হৈছে বুলিও তেওঁ তীব্ৰ সমালোচনা কৰে । মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ কালত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আদিয়েও সংগ দিয়ে ।
লগতে পঢ়ক: ভূপেন বৰাৰ নিজৰ ভৰিৰ তলতে মাটি নাই: বিজেপিৰ মুখপাত্ৰ