ETV Bharat / state

DAC election campaign: বিহপুৰীয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Oct 31, 2022, 5:29 PM IST

Updated : Oct 31, 2022, 9:27 PM IST

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় দল ৷ (Deori Autonomous Council Election) ৷ সোমবাৰে বিহপুৰীয়াৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই ৷ ১৬ নং বাঁহগড়া সমষ্টিৰ অগপৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰী আৰু ১৭ নং কাছিকটা সমষ্টিত বিজেপি প্ৰাৰ্থী উত্তম দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে ৷

DAC election campaign
বিহপুৰীয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষৰ নিৰ্বাচনী প্ৰচাৰ

বিহপুৰীয়া, 31 অক্টোবৰ: অহা ৮ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (Deori Autonomous Council Election) ৷ বিহপুৰীয়াৰ ১৬ নং বাঁহগড়া পৰিষদীয় সমষ্টিৰ অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰী আৰু ১৭ নং কাছিকটা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী উত্তম দেউৰীৰ হৈ দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰিকাই(Minister Pijush hazarika) ৷

শাসকীয় দল বিজেপিয়ে লখিমপুৰ জিলাৰ অন্তৰ্গত পৰিষদীয় সমষ্টি সমূহত ব্যাপক প্ৰচাৰ চলাইছে । মন্ত্ৰী পীযুষ হাজৰিকাই শুকুবাৰৰ পৰা বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলৰ হৈ লখিমপুৰ জিলাৰ তেওঁলোকৰ পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে সভা অনুষ্ঠিত কৰি ব্যাপক প্ৰচাৰ অভিযান চলাইছে (Pijush Hazarika election campaign in Lakhimpur) । মন্ত্ৰীগৰাকীয়ে সোমবাৰে মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰী আৰু উত্তম দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

মন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলাই ভাষণ প্ৰসংগত বিৰোধীক কটু সমালোচনা কৰাৰ লগতে পৰিষদৰ সৰ্বমুঠ ২২ টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ মিত্ৰজোঁটে পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰে । ইফালে বিজেপি চৰকাৰে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলোৱা বুলি আমছুৱে যি প্ৰতিবাদ কৰিছে ইয়াৰ প্ৰত্যুত্তৰত দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয়, ‘‘যিসকলে জেহাদী কাৰ্যকলাপত লিপ্ত হয়, যিসকলে মিঞা মিউজিয়াম বনাবলৈ বিচাৰে, যিসকলে চোৰাং গৰুৰ বেহা কৰে, যিসকলে ড্ৰাগছৰ ব্যৱসায় কৰে সেইসকলৰ বিৰুদ্ধেতো আমি কঠোৰ হ’মেই’’ (Minister Pijush Hazarika on Jihadi) ৷ তেওঁ লগতে কংগ্ৰেছে অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলত ভাৰত জোড়ো কাৰ্যসূচী চলাইছে বুলি পুনৰবাৰ কংগ্ৰেছক কটাক্ষ কৰে । ইফালে আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ শূন্য হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika on Bharat Jodo) ।

লগতে পঢ়ক : Deori Autonomous Council Election: লখিমপুৰত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

Last Updated : Oct 31, 2022, 9:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.