ETV Bharat / state

Mid day meal workers protest: চৰকাৰে জ্বলা-কলা খুৱাইছে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীক, ঠায়ে ঠায়ে প্ৰতিবাদ

author img

By

Published : May 4, 2023, 8:52 PM IST

অসমৰ প্ৰায় প্ৰতিখন জিলাতে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীয়ে সাব্যস্ত কৰিছে জোৰদাৰ প্ৰতিবাদ ৷ দৰমহা নিয়মীয়াকৈ পোৱাতোটো দূৰৰে কথা ব’হাগৰ বিহুতো আনকি চৰকাৰখনে পাবলগীয়া ধন আদায় নিদিয়াত ক্ষোভত ফাটি পৰিছে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীসকল ৷ শেহতীয়াকৈ বৰষুণত তিতি বুৰিয়েই লখিমপুৰত প্ৰতিবাদত নামিল মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী ইউনিয়ন (Mid day meal workers protest) ।

Mid day meal workers protest
প্ৰতিবাদ
চৰকাৰে জ্বলা-কলা খুৱাইছে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীক

লখিমপুৰ, ৪ মে’: বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্য জুৰি মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰে । ছমাহৰ অনাদায় মজুৰি আদায় দিয়া, মাহৰ প্ৰথম সপ্তাহতে মজুৰি আদায় দিয়া, বকেয়া ধন আদায় দিয়া আদি দাবীৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ আন জিলাসমূহৰ দৰে লখিমপুৰতো সৰ্বশিক্ষাৰ জিলা কাৰ্যালয়ৰ সন্মুখত শ শ ৰান্ধনীয়ে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (Mid day meal workers union protest) ।

বৃহস্পতিবাৰৰ লখিমপুৰৰ এই প্ৰতিবাদত দেখা গ’ল বহু সংখ্যক মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী । সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লখিমপুৰত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰন্ধন কৰ্মীসকলে । ৰন্ধনকৰ্মীসকলৰ মাননি নিয়মীয়াকৰণৰ লগতে ছমাহৰ দৰমহা আদায় নিদিয়াৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় তেওঁলোকে । কাঁহী বাতি বজাই লখিমপুৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ও সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয়ৰ সম্মুখত বৰষুণকো নেওচি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলাৰ ৰান্ধনী সন্থাই (Mid day meal workers protest in Lakhimpur) ৷

এই ৰন্ধনকর্মী সকলে দিনটোৰ ৫/৬ ঘণ্টা কাম কৰি কেৱল শিক্ষার্থী সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ উপৰিও প্ৰাথমিক বিদ্যালয়ত চকীদাৰ, পিয়ন, চাফাই কর্মী নোহোৱাৰ বাবে সেইবোৰ দায়িত্বও পালন কৰে ৷ কিন্তু সময়মতে মজুৰি আদায় নাপায় ৷ তাৰেই ফলস্বৰূপে ক্ষোভ প্ৰকাশ কৰি কাঁহী বাতি বজাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল বৃহস্পতিবাৰে (mid day meal worker union protest in Lakhimpur)।

উল্লেখ্য 'অৰুণোদয়'ৰ দৰে আঁচনিৰ পাচত আঁচনি ঘোষণা কৰি ধন বিতৰণ কৰি থকা চৰকাৰ খনে ৰন্ধনকৰ্মীসকলৰ মাননি কিয় নিয়মীয়া কৰিব পৰা নাই তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ সময়মতে মাননি প্ৰদান নকৰা সন্দৰ্ভত চৰকাৰৰ বিসংগতিপূৰ্ণ আচৰণৰ অভিযোগ উত্থাপিত কৰি তেওঁলোকে কয় যে মার্চ মাহৰ পৰা ৰন্ধনকাৰ্য কৰাৰ পাচতো মাননি নিদিয়ায়াৰ উপৰিও মাননি প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে খেলিমেলি হৈ আছে (Mid day meal workers protest) ।

সমস্ত মাহেকীয়া মাননি অতিশীঘ্ৰে আদায় দিয়ক, প্ৰতি মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আগৰ মাহৰ মাননি নিয়মীয়াকৈ আৰু সম্পূর্ণকে আদায় দিয়ক আৰু বছৰটোৰ ১২ মাহৰ বাবেই মাননি প্ৰদান নিয়মীয়া কৰক; এই দাবীসমূহেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক : Mid day meal workers protest: বকেয়া মাননি আদায়ৰ দাবীত বিক্ষোভ প্ৰদৰ্শন মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.