ETV Bharat / state

ব্যক্তিকেন্দ্ৰিক হৈ পৰা পৃথিৱীত বিহপুৰীয়াৰ এজন ব্যতিক্ৰমী যুৱক - unique library established at Bihpuria

লখিমপুৰৰ বিহপুৰীয়াৰ এজন যুৱক হৈ পৰিছে সকলোৰে বাবে আদৰ্শস্বৰূপ ৷ মাংস বিক্ৰী কৰি কষ্টোপাৰ্জিত ধনৰ এটা অংশৰেই যুৱকজনে স্থাপন কৰিছে এটা পুথিভঁৰাল (meat seller establishes library) ৷ দীপক বৰুৱা নামৰ যুৱকজনৰ এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে ৷

Library by Butcher
মাংস বিক্ৰীৰ ধনেৰে পুথিভঁৰাল স্থাপন যুৱকৰ
author img

By

Published : Dec 22, 2021, 7:15 PM IST

বিহপুৰীয়া, 22 ডিচেম্বৰ : লখিমপুৰৰ এজন যুৱকৰ আদৰ্শনীয় পদক্ষেপ ৷ ভৱিষ্যত প্ৰজন্মক লৈ অলেখ সপোন যুৱকজনৰ দুচকুত ৷ আৰ্থিকভাৱে বিশেষ স্বচ্ছল নহ’লেও সপোনৰ সাহসত কষ্টোপাৰ্জিত ধনৰ এটা অংশৰেই যুৱকজনে স্থাপন কৰিছে এটা পুথিভঁৰাল (meat seller establishes library) ৷

যান্ত্ৰিকতাৰ ধামখুমীয়াত ব্যক্তিকেন্দ্ৰিক হৈ পৰা পৃথিৱীৰ এজন ব্যতিক্ৰমী যুৱক হ’ল দীপক বৰুৱা ৷ দীপুদা হিচাপে জনপ্ৰিয় যুৱকজনৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ চামগুৰি গাঁৱত ৷ লকডাউনৰ পূৰ্বলৈকে যুৱকজন এটা ব্যক্তগত খণ্ডৰ কোম্পানীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল অৰুণাচল প্ৰদেশত ৷ কিন্তু লকডাউনত কৰ্মসংস্থাপন হেৰুৱাব লগা হ’ল যুৱকজনে ৷ ফলত জন্মভূমিলৈ উভতি আহি যুৱকজনে আৰম্ভ কৰিলে বিকল্প চিন্তাৰ ৷

মাংস বিক্ৰীৰ ধনেৰে পুথিভঁৰাল স্থাপন যুৱকৰ

কৰ্মমুখী সপোনৰ পম খেদি যুৱকজনে জন্ম দিলে অসমীয়াগিৰী- কৰ্ম এক জাগৰণ নামেৰে এটা গ্ৰুপৰ ৷ নতুন প্ৰজন্মক কৰ্মমুখী কৰাৰ লগতে বজাৰ দখল কৰাৰ স্বাৰ্থত জন্ম দিয়া এই গ্ৰুপটোৰ বেনাৰতে যুৱকজনে অকলেই আৰম্ভ কৰিলে মাংস কাটি বিক্ৰী কৰাৰ কাম ৷ দিন বাগৰাৰ লগে লগে এক ইতিবাচক গতি ল’লে যুৱকজনৰ ব্যৱসায়ে ৷ প্ৰথম অৱস্থাত কম পৰিমাণৰ মাংসৰে ব্যৱসায় আৰম্ভ কৰিছিল যদিও এতিয়া দীপকে বিহপুৰীয়া, নাৰায়ণপুৰ, ঢলপুৰ, ভোগপুৰ, শিমলুগুৰিকে আদি কৰি এক বৃহৎ অঞ্চলত তুলনামূলকভাৱে কম দামত মাংস যোগান ধৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে ৷

এনে সময়তে ব্যতিক্ৰমী যুৱকজনৰ মন-মগজুত খুন্দিয়ালে অন্য এক বিষয়ে ৷ যান্ত্ৰিকতাৰ যুগত সামাজিক মাধ্যমত প্ৰচাৰিত বিভিন্ন অসামাজিক কৰ্মৰ বাতৰি প্ৰচাৰিত হৈ থকাৰ সময়তে শিশুসকল মোবাইল ফোনৰ প্ৰতি আকৰ্ষিত হোৱাত শংকিত হৈ পৰিছে দীপক বৰুৱা ৷ ফলত শিশুসকলক কিতাপৰ প্ৰতি আকৰ্ষিত কৰাৰ মানসেৰে দীপক বৰুৱাই কৰিলে নিজ গাঁৱতে এটা পুঁথিভৰাল স্থাপনৰ চিন্তা ৷ মাংস বিক্ৰী কৰি লাভ কৰা ধনৰ এটা অংশ সুকীয়াকৈ জমা কৰি এতিয়া দীপকে নিজেই ঘৰৰ ওচৰতে এটা পুথিভৰাঁল স্থাপন কৰিবলৈ সক্ষম হ’ল (unique library established at Bihpuria)। এতিয়া এই পুথিভৰাঁললৈ গাঁৱৰ কণ কণ শিশুসকলে দৈনিক বিয়লি কিতাপ অধ্যয়ণ কৰিবলৈ আহে । মাংস ব্যৱসায়ৰ পৰা পোৱা টকাৰে অঞ্চলটোত অভাৱ হৈ থকা এটা পুথিভৰাঁল স্থাপন কৰি সমগ্ৰ অঞ্চলবাসীৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হোৱৰ সমান্তৰালকৈ সকলোৰে প্ৰশংসাৰ পাত্ৰ হোৱাৰ লগতে বিহপুৰীয়াৰ দীপক বৰুৱা হৈ পৰিছে সকলোৰে আদৰ্শ ৷

লগতে পঢ়ক: অসমীয়া জাতিক আগুৱাই নিবলৈ আছুৱে আধ্যাত্মিক আন্দোলন কৰি যাব : ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.