লখিমপুৰ, ৩১ জানুৱাৰী : আজি পৱিত্ৰ মে ডাম মে ফি । আহোমসকলৰ এই জনপ্ৰিয় উৎসৱটি সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে উলহ-মালহেৰে ৷ পূৰ্বপুৰুষক স্মৰণ কৰিবৰ কাৰণে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে টাই আহোমসকলে পূজা কৰে তেওঁলোকৰ আৰাধ্য দেৱতাক ৷ লখিমপুৰত কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে মে ডাম মে ফি দিৱসৰ (Me Dem Me Fi celebration in Lakhimpur) ।
মে-ডাম-মে-ফিৰ অৰ্থ হ’ল- “মে” মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, “ডাম”- মানে মৃতক আৰু “ফী”- মানে হ’ল দেও বা দেৱতা । টাই আহোম সকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি বিশ্বাস আছে আহোমসকলৰ মাজত ।
![Me Dam Me Phi 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-31janu-vislbytpix-medammefi-jibangoswami-10046_31012023114211_3101f_1675145531_69.jpg)
লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত কালিৰে পৰা দুদিনীয়া কৈ আয়োজন কৰা হৈছে কেন্দ্রীয় মে ডাম মে ফি উৎসৱৰ । মে ডাম মে ফি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে উদ্যোক্তা সমিতিয়ে ৷ সামুহিক বৃক্ষৰোপণ, বান ফি পূজা, ডাম ফি, পতাকা উত্তোলন, মৈদাম তৰ্পণ, খেল ধেমালি, মুকলি সভা আদিৰ লগতে স্মৃতি গ্ৰন্থ উন্মোচন, জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰে উদ্যোক্তা সমিতিয়ে ( (Me Dem Me Fi centrally celebrated in Lakhimpur))।
![Me Dam Me Phi 2023](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-31janu-vislbytpix-medammefi-jibangoswami-10046_31012023114211_3101f_1675145531_584.jpg)
মংগলবাৰে ৰাতিপুৱা মে ডাম ফি আৰম্ভ হোৱাৰ পিচত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে । চুকাফাৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ড০ অমৰেন্দ্ৰ গগৈয়ে । আহোম সকলৰ পূৰ্বপুৰুষৰ প্ৰতিকী মৈদাম তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নৃপেন ফুকনে । পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হোৱাৰ পিচতে অনুষ্ঠিত হয় এখন মুকলি সভাখনত ৷
মুকলি সভাখনত সভাপতিত্ব কৰে দণ্ডী তামুলী ফুকনে । মে ডাম মে ফি ৰ বিভিন্ন কাৰ্যসূচীত অংশগ্রহণ কৰি বিশিষ্ট ব্যক্তিসকলে পূৰ্বপুৰুষৰ অসম তথা অসমীয়া জাতি গঠনৰ অৰিহণা , কৰ্মৰাজি স্মৰণ কৰি তেওঁ লোকলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । আহোমসকলৰ পূৰ্বপুৰুষৰ স্মৃতি তৰ্পণৰ এই উৎসৱ উপলক্ষে পৰম্পৰাগত সাজ সজ্জা, ৰীতি নীতিৰে ত্যাগ ক্ষেত্র মুখৰ হৈ পৰে ((Me Dam Me Phi 2023)) ।
উল্লেখ্য যে, টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মেফি অনুষ্ঠান চ্যুকাফাই অসমত ভৰি দিয়াৰ সময়ৰে পৰাই প্ৰজা আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ কাৰণে আয়োজন কৰি আহিছে বুলি জনা যায় । সেই পৰম্পৰা তথা ঐতিহ্যৰ লগতে পুৰ্বপুৰুষক সোঁৱৰি আজিও টাই আহোমসকলে বিভিন্ন স্থানত মে-ডাম-মেফি অনুষ্ঠান ব্যাপক প্ৰস্তুতিৰে অনুষ্ঠিত কৰি আহিছে ।
লগতে পঢ়ক : Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে