ETV Bharat / state

শিঙৰা নৈৰ আকস্মিক বানে তচ-নচ কৰি গ'ল শহস্ৰাধিক লোকৰ জীৱন - শিঙৰা নৈৰ সংহাৰী বান

শিঙৰা নৈৰ সংহাৰী বানে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে নাওবৈচাত ৷ নিমিষতে তচ-নচ কৰিলে সহস্ৰাধিক লোকৰ জীৱন, সা-সম্পত্তি ৷

শিঙৰা নৈৰ আকস্মিক বান
শিঙৰা নৈৰ আকস্মিক বান
author img

By

Published : Aug 15, 2020, 6:23 PM IST

নাওবৈচা, 15 আগষ্ট: নাওবৈচাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে শিঙৰা নৈৰ সংহাৰী বানে ৷ শিঙৰা নৈৰ আকস্মিক বানে থানবান কৰি থৈ গ'ল নাওবৈচাৰ সহস্ৰাধিক লোকৰ জীৱন, সা-সম্পত্তি ৷ যাৰ বাবে এতিয়া মুকলি আকাশৰ তলত গৰু-ছাগলীৰ লগতে সহাৱস্থান কৰিবলগীয়া হৈছে দুৰ্ভগীয়া বানাক্ৰান্তই ৷ লখিমপুৰ জিলাৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলতে পাহাৰীয়া শিঙৰা নদীৰ বানে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলহাট বজাৰ সংযোগী 300 মিটাৰ গড়কাপ্তানি পথ ছিঙি নিয়ে ৷ যাৰ ফলত পাহাৰত আবদ্ধ হৈ থকা পানীয়ে নিমিষতে সংহাৰী ৰূপ ধাৰণ কৰি পথটো খণ্ড-বিখণ্ড কৰাৰ লগতে, অঞ্চলটোৰ 20 খনতকৈয়ো অধিক গাঁৱৰ 10 সহস্ৰাধিক লোকৰ জীৱনলৈ নমাই আনে বিপদ ৷

শিঙৰা নৈৰ আকস্মিক বানে তচনচ কৰি গ'ল শহস্ৰাধিক লোকৰ জীৱন

অঞ্চলবাসীক দুৰ্ভিক্ষৰ মাজলৈ ঠেলি দিয়ে শিঙৰা নৈৰ আকস্মিত বানে ৷ চকুৰ পৰাচতে তাচপাতৰ দৰে খহি ধ্বংসস্তূপত পৰিণত হ'ল বহু কেইটা পকীঘৰ, কাঢ়ি নিলে তিনি গৰাকী লোকৰ জীৱন ৷ এক অনিশ্চিত ভৱিষ্যতৰ মাজলৈ শিঙৰাৰ বানে ঠেলি দিলে সহস্ৰাধিক লোকৰ জীৱনক ৷ সেই বানাক্ৰান্ত সকলৰ চকুত এতিয়া সুষ্পষ্ট আতংকৰ লগতে, অনিশ্চিত ভৱিষ্যতৰ শংকা ৷ আপোন ঘৰখনৰ লগতে একমাত্ৰ পথাৰখন, জীৱনৰ নিৰাপত্তা পলকতে কাঢ়ি নিয়া শিঙৰাৰ কালৰূপী বানে তেওঁলোকৰ বাবে একোৱেই এৰি থৈ নগ'ল ৷ থৈ গ'ল কেৱল দুখ আৰু নিৰাপত্তাজনিত শংকা ৷ সম্প্ৰতি অঞ্চলটোত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও, কমা নাই বানৰ বিভীষিকা ৷ বহু পৰিয়ালে এতিয়া ভোক-পিয়াহে গৰু-ছাগলীৰ সৈতে সহাৱস্থান কৰিছে ওখ ঠাইৰ এখন সাধাৰণ তিৰপালৰ তলত ৷ এমুঠি অন্নৰ লগতে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেওঁলোকে ৷ জিলা প্ৰশাসনক পৰ্যাপ্ত বান সাহাৰ্য প্ৰদানৰ দাবী জনাইছে ভিন্ন দল-সংগঠনে ৷

শিঙৰা নৈৰ আকস্মিক বানত বিধ্বস্ত নাওবৈচাৰ শহস্ৰাধিক লোকৰ জীৱন

লগতে পঢ়ক: নগাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.