ETV Bharat / state

একেখন গাঁৱতে হেৰাইছে ইজনীৰ পিছত সিজনী বোৱাৰী; স্বামীয়ে জগৰীয়া কৰিছে ম’বাইলক

author img

By

Published : Apr 12, 2022, 9:41 PM IST

বোৱাৰী হেৰাবলৈ লৈছে লখিমপুৰৰ বঙালমৰাৰ নাহৰণি গাঁৱত ৷ স্বামী তথা ল’ৰা-ছোৱালী পাহৰি ক’ৰবালৈ গুচি গৈছে ইজনীৰ পিছত সিজনী বোৱাৰী ৷ স্বামী সকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ম’বাইল ফোনে (mobile phone creating terror among husbands) ৷ সবিশেষ জানো আহক ৷

married-women-going-missing-from-naharani-village
একেখন গাঁৱত নোহোৱা হ’ল ইজনীৰ পিছত সিজনী বোৱাৰী : স্বামীয়ে জগৰীয়া কৰিছে মোবাইলক

লখিমপুৰ, ১২ এপ্রিল : এখন গাঁও, গাঁওখনত এতিয়া অপশক্তিৰ কোপদৃষ্টি পৰিছে ৷ নহয় নহয়, আপুনি ভবাৰ দৰে কোনো ভৌতিক কাহিনীৰ অৱতাৰণা কৰিব খোজা নাই আমি ৷ অপশক্তিৰ কোপদৃষ্টিৰ বাবেই গাঁওখনে হেৰুৱাইছে বহু কিবা-কিবি ৷ নহয়, টকা-পইচা, পথাৰৰ ধান অথবা পুখুৰীৰ মাছ, হাঁহ-কুকুৰা আদি নহয় গাঁওখনৰ পৰা হেৰাবলৈ লৈছে ইজনীৰ পিছত সিজনী বোৱাৰী ৷ হয়, ঠিকেই পঢ়িছে বোৱাৰী হেৰাবলৈ লৈছে লখিমপুৰৰ বঙালমৰাৰ নাহৰণি গাঁৱত (Married women going missing) ৷

মাথো, এটা সপ্তাহৰ ভিতৰতে গাঁওখনৰ পৰা হেৰাইছে দুজনীকৈ বোৱাৰী ৷ পিছে আচৰিত কথা সেইটো নহয় আচৰিত কথা হৈছে যে, বোৱাৰী হেৰোৱাৰ বাবেই এতিয়া গাঁৱৰ ৰাইজ নামি পৰিছে প্ৰতিবাদত ৷ এতিয়া প্ৰশ্ন হয় বোৱাৰীসকল এইদৰে হঠাতে গ’ল ক’লৈ ? গাঁৱৰ ৰাইজ তথা পৰিয়ালৰ মতে পলাই গ’ল ৷ বিবাহ মানেইটো মানুহ প্ৰেমহীন হৈ নাযায়, সেয়ে হয়তো এইসকল বোৱাৰীয়েও এতিয়া বিচাৰি পাইছে নতুন প্ৰেম ৷

পত্নী আনৰ সৈতে গুচি যোৱাৰ পিছত স্বামীসকলে ইয়াৰ বাবে মোবাইলটোকেই জগৰীয়া কৰিছে ৷ মোবাইলতে প্ৰথমে বন্ধুত্ব, তাৰপিছত প্ৰেম হৈ তেওঁলোক কোনো সপোন কোঁৱৰৰ সৈতে নতুন জীৱনৰ সপোন দেখি স্বামী তথা ল’ৰা-ছোৱালী পাহৰি এইদৰে গুচি যোৱা বুলিও একেমুখে অভিযোগ কৰিছে বহুজনে ৷

উল্লেখ্য যে, নাহৰণি গাঁৱৰ শইকীয়া আৰু বৰা উপাধিৰ দুগৰাকী লোকৰ পত্নীয়ে এইদৰে পৰিয়াল এৰি গুচি যোৱাৰ বাবেই সৃষ্টি হৈছে সমগ্ৰ এই আচহুৱা পৰিস্থিতিৰ৷ দুয়োগৰাকী দুৰ্ভগীয়া স্বামীয়ে বঙালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়েও কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই বোৱাৰী দুগৰাকীৰ ।

ইফালে, ক্ৰমাগতভাৱে পৰ পুৰুষলৈ বোৱাৰী পলাই যোৱা ঘটনা সংঘটিত হোৱাত চিন্তাত পৰিছে অঞ্চলটোৰ বোৱাৰী, মহিলাসকল । গাঁওখনৰ আন বোৱাৰীসকলক তেওঁলোকৰ স্বামীয়ে হেনো আৰম্ভ কৰিছে মানসিক নিৰ্যাতন । দুজনী বোৱাৰী গ'ল, আৰু যায় নেকি তাকেলৈয়ো বহু পতিয়ে পত্নীক সন্দেহ কৰা আৰম্ভ কৰিছে । আনকি, পত্নীৰ মোবাইল ফোনো হেনো জব্দ কৰিছে দুই একে ৷ এতিয়া, এই পৰিস্থিতিৰ অৱসান কিদৰে ঘটিব তাৰ সঠিক উত্তৰ হয়তো সময়েহে দিব পাৰিব ৷

লগতে পঢ়ক : স্বামীক এৰি গেছ পাইপলাইনৰ টকা লৈ প্ৰেমিকৰ সৈতে উধাও দুই সন্তানৰ মাতৃ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.