ETV Bharat / state

Magic Book of Records : লখিমপুৰৰ জয়লক্ষী পায়েঙলৈ মেজিক বুক অৱ ৰেকৰ্ডছৰ সন্মান - Best Achievers Award 2021

'মেজিক বুক অৱ ৰেকৰ্ডে' (Magic Book of Records) আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত উজলিল লখিমপুৰৰ জয়লক্ষী পায়েং নামৰ কিশোৰজন ৷ অনলাইনযোগে অংশগ্ৰহণ কৰি জয়লক্ষী পায়েঙে লাভ কৰিছে "বেষ্ট এচিভাৰ এৱাৰ্ড 2021" আৰু "বেষ্ট চাইল্ড যোগ আৰ্টিষ্ট" সন্মান ৷

magic-book-of-records-honored-jayalakshmi-payeng-of-lakhimpur-with-best-child-yoga-artist-award-or-best-achievers-award-2021
জয়লক্ষী পায়েঙলৈ মেজিক বুক অৱ ৰেকৰ্ডছৰ সন্মান
author img

By

Published : Jan 9, 2022, 1:45 PM IST

লখিমপুৰ, 9 জানুৱাৰী : যোগ সাধনাৰ জৰিয়তে মেজিক বুক অৱ ৰেকৰ্ড (Magic Book of Records) ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ এজন কিশোৰ ৷ মেজিক বুক অৱ ৰেকৰ্ডে অনলাইনযোগে অনুষ্ঠিত কৰা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত উজলি উঠিল লখিমপুৰৰ জয়লক্ষী পায়েং নামৰ কিশোৰজন (Magic Book of Records honored Jayalakshmi Payeng of Lakhimpur) ৷

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত অনলাইনযোগে অংশগ্ৰহণ কৰি "বেষ্ট এচিভাৰ এৱাৰ্ড 2021" (Best Achievers Award 2021) আৰু "বেষ্ট চাইল্ড যোগ আৰ্টিষ্ট" (Best Child Yoga Artist award 2021) সন্মান লাভ কৰিছে ৷ যোগৰ জৰিয়তে বিশ্বত এক সুকীয়া চিনাকি দিয়াৰ নিৰলস সাধনাত ব্ৰতী হৈছে জয়লক্ষী ।

জয়লক্ষী পায়েঙলৈ মেজিক বুক অৱ ৰেকৰ্ডছৰ সন্মান

আনুষ্ঠানিক শিক্ষা অবিহনেই কেৱল মাত্ৰ নিজৰ সাধনাৰ বলতে জয়লক্ষীয়ে ইতিমধ্যে কল্পনা চাওলা ৰাষ্ট্ৰীয় সন্মান, অসম বুক অৱ ৰেকৰ্ডছকে ধৰি ডেৰ কুৰিৰো অধিক ৰাষ্ট্ৰীয় তথা ৰাজ্যিক ভিত্তিৰ সন্মান বুলিবলৈ সক্ষম হৈছে । কিশোৰ গৰাকীৰ এনে সফলতাই লখিমপুৰ জিলাবাসীক আনন্দিত কৰি তুলিছে ৷ ইয়াৰোপৰি যোগ শৈলীৰে বিশ্বৰ বুকুত চিনাকি দিয়াৰ লক্ষ্যৰে আগুৱাই যোৱা জয়লক্ষীৰ এনে যাত্ৰাত লাভ কৰা সন্মানৰ বাবে লখিমপুৰবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : Preparation for Bhogali Bihu : টিংখাঙত ভোগালীৰ আকৰ্ষণৰ মূল কাৰণ টাইটানিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.