ETV Bharat / state

ছাত্ৰী নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তাল মাধৱদেৱ বিশ্ববিদ্যালয় - মাধৱদেৱ বিশ্ববিদ্যালয়

মাধৱদেৱ বিশ্ববিদ্যালয়ত ছাত্ৰী নিৱাসৰ অধীক্ষকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ অভিযুক্ত অধ্যাপক গৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাক লৈ উত্তাল প্ৰতিবাদ বিশ্ববিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ ৷

এইবাৰ মাধৱদেব বিশ্ববিদ্যালয়ত অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ অভিযোগ
author img

By

Published : Oct 31, 2019, 7:00 PM IST

বিহপুৰীয়া, 31 অক্টোবৰঃ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত অধ্যাপকৰ বিৰুদ্ধে উত্থাপন হৈছে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ বিশ্ববিদ্যালয় খনৰ ছাত্ৰী নিৱাসৰ অধীক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে আনিছে এই অভিযোগ ৷

অভিযোগ অনুসৰি, 28 অক্টোবৰৰ নিশা অধীক্ষক ৰমেশ হাজৰিকাই ছাত্ৰী নিৱাসটো চোৱা চিতা কৰাৰ চলেৰে এগৰাকী ছাত্ৰীৰ কোঠাত প্ৰৱেশ কৰিছিল ৷ তাৰ পাচতেই কোঠাটোত থকা ছাত্ৰী গৰাকীৰ ওপৰত অধীক্ষকজনে নিৰ্যাতন চলাবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা জানিব পাৰি ছাত্ৰী গৰাকীক নিৱাসটোৰ পৰা ঘৰলৈ লৈ আনে ৷ লগে লগে বিশ্ববিদ্যালয়খনত ঘটনাৰ তথ্য বিয়পি পৰাত ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

ধৱদেব বিশ্ববিদ্যালয়ত ছাত্ৰী নিৰ্যাতনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

উল্লেখযোগ্য যে, বুধবাৰে ছাত্ৰী গৰাকীৰ অভিভাৱক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উভয়ে মিলিত হৈ বিষয়টো আলোচনা কৰাৰ লগতে অনুসন্ধান কৰিছিল ৷ ইয়াৰ পাচতে অভিযুক্ত ৰমেশ হাজৰিকাক বিশ্ববিদ্যলয় কৰ্তৃপক্ষই ছাত্ৰী নিৱাসটোৰ অধীক্ষক পদৰ পৰা অব্যাহতি দি দুগৰাকী অধ্যাপিকাক ছাত্ৰী নিৱাসৰ দায়িত্ব প্ৰদান কৰিছিল আৰু বিষয়টো সামৰিব বিচাৰিছিল ৷ কিন্তু বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ছাত্ৰী গৰাকীৰ উচিত ন্যায় আৰু অভিযুক্ত অধ্যাপকজনক নিলম্বনৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ মন কৰিবলগীয়া যে, প্ৰতিবাদস্থলীত ছাত্ৰী নিৱাসটোৰ একাংশ ছাত্ৰীয়ে অধ্যাপক ৰমেশ হাজৰিকাৰ বিৰুদ্ধে অসৎ চৰিত্ৰৰ বহু অভিযোগ উত্থাপন কৰে ৷

এনে পৰিস্থিতিত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়কে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলক লিখিত আবেদনৰ ভিত্তিত অধ্যাপক জনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰাত ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ ভংগ কৰে ৷ একে সময়তে ছাত্ৰী গৰাকীয়ে উচিত ন্যায় নাপালে পুনৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে ছাত্ৰ ছাত্ৰী সকলে ৷

Intro:মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ নৱ গঠিত বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ ৱাৰ্ডেন ৰমেশ হাজৰিকাৰ বিৰুদ্ধে আবাসৰ এগৰাকী ছাত্ৰীৰ এই অভিযোগ৷ যোৱা ২৮ অক্টোবৰৰ নিশা ৰমেশ হাজৰিকাই চোৱাচিতা কৰাৰ নামত প্ৰৱেশ কৰিছিল হোষ্টল কক্ষত৷ সেইসময়তে ছাত্ৰী গৰাকীৰ ওপৰত অনৈতিক কাৰ্য সম্পাদন কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছাত্ৰীগৰাকীক দেউতাকে হোষ্টেলৰ পৰা ঘৰলৈ লৈ যোৱাত বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰাত বিষয়টো ক্ৰমাৎ ৰাজহুৱা হৈ পৰে৷ ছাত্ৰীগৰাকীৰ অভিভাৱক আৰু বিশ্ববিদ্যালয় কতৃপক্ষই যোৱাকালি বিষয়টো আলোচনা কৰাৰ লগতে অনুসন্ধান কৰি ৰমেশ হাজৰিকাক জগৰীয়া কৰি হোষ্টেলৰ ৱাৰ্ডেনৰ পৰা অব্যাহতি দি দুগৰাকী অধ্যাপিকাক দায়িত্ব দি বিষয়টো সামৰিব বিচাৰিছিল যদিও আজি ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনত ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি আৰু অধ্যাপকজনক নিলম্বনৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ৷ একাংশ হোষ্টেলৰ ছাত্ৰীয়ে অধ্যাপক গৰাকীৰ বিৰুদ্ধে অসৎ চৰিত্ৰৰ বহু অভিয়োগ উত্থাপন কৰি সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰে৷ বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক গৰাকীয়ে প্ৰতিবাদকাৰী ছাত্ৰছাত্ৰীসকলক লিখিত আবেদনৰ ভিত্তিত কাৰ্যব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদ ভংগ কৰা হয় যদিও ছাত্ৰীগৰাকীয়ে ন্যায় নাপালে পুণৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে৷Body:মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ নৱ গঠিত বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ ৱাৰ্ডেন ৰমেশ হাজৰিকাৰ বিৰুদ্ধে আবাসৰ এগৰাকী ছাত্ৰীৰ এই অভিযোগ৷ যোৱা ২৮ অক্টোবৰৰ নিশা ৰমেশ হাজৰিকাই চোৱাচিতা কৰাৰ নামত প্ৰৱেশ কৰিছিল হোষ্টল কক্ষত৷ সেইসময়তে ছাত্ৰী গৰাকীৰ ওপৰত অনৈতিক কাৰ্য সম্পাদন কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছাত্ৰীগৰাকীক দেউতাকে হোষ্টেলৰ পৰা ঘৰলৈ লৈ যোৱাত বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰাত বিষয়টো ক্ৰমাৎ ৰাজহুৱা হৈ পৰে৷ ছাত্ৰীগৰাকীৰ অভিভাৱক আৰু বিশ্ববিদ্যালয় কতৃপক্ষই যোৱাকালি বিষয়টো আলোচনা কৰাৰ লগতে অনুসন্ধান কৰি ৰমেশ হাজৰিকাক জগৰীয়া কৰি হোষ্টেলৰ ৱাৰ্ডেনৰ পৰা অব্যাহতি দি দুগৰাকী অধ্যাপিকাক দায়িত্ব দি বিষয়টো সামৰিব বিচাৰিছিল যদিও আজি ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনত ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি আৰু অধ্যাপকজনক নিলম্বনৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ৷ একাংশ হোষ্টেলৰ ছাত্ৰীয়ে অধ্যাপক গৰাকীৰ বিৰুদ্ধে অসৎ চৰিত্ৰৰ বহু অভিয়োগ উত্থাপন কৰি সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰে৷ বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক গৰাকীয়ে প্ৰতিবাদকাৰী ছাত্ৰছাত্ৰীসকলক লিখিত আবেদনৰ ভিত্তিত কাৰ্যব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদ ভংগ কৰা হয় যদিও ছাত্ৰীগৰাকীয়ে ন্যায় নাপালে পুণৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.