লখিমপুৰ, 15 মে’: শুকুৰবাৰে লখিমপুৰত উপস্থিত হয় দিল্লীত কৰ্মৰত ১৫ জন লোক । লগতে চেন্নাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱা শিশু-মহিলাসহ ২৮ জন লোক গুৱাহাটীৰ পৰা বাছেৰে উপস্থিত হয় লখিমপুৰত। চেন্নাই পৰা অহাসকলক নাৰায়ণ পুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় আৰু লখিমপুৰৰ দুখন হোটেলত পৰীক্ষা কৰি ৰখা হয় । তেওঁলোকৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ফলাফল অহাৰ পিছতহে তেওঁলোকক যাবলৈ অনুমতি দিয়া হ’ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : অৰেঞ্জ জ‘নৰ পৰা প্ৰত্যাহাৰ ধুবুৰী জিলা