ETV Bharat / state

সোৱণশিৰিৰ বান্ধত ভূমিস্খলন : উত্তৰ অসমত জল প্ৰলয়ৰ আশংকা

নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পৰ ৫ নম্বৰ ডাইৰ্ভাচন টানেলৰ সন্মুখ ভাগত সংঘটিত হৈছে ভূমিস্খলন ৷ প্ৰৱল বানৰ আতংকই বিৰাজ কৰিছে উত্তৰ অসমৰ ৰাইজৰ মাজত ৷

author img

By

Published : Aug 31, 2021, 6:34 PM IST

Landslide in Subansiri nhpc project
সোৱণশিৰি প্ৰকল্পৰ ৫ নম্বৰ ডাইৰ্ভাচন টানেলত ভূমিস্খলন

লখিমপুৰ, 31 আগষ্ট : সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণস্থলীত পুনৰ অঘটন ৷ নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পৰ ৫ নম্বৰ ডাইৰ্ভাচন টানেলৰ সন্মুখ ভাগত সংঘটিত হৈছে ভূমিস্খলন ৷ ধাৰাষাৰ বৰষুণ আৰু সোৱণশিৰি জলস্থৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলতে এই ভূমিস্খলন হোৱাৰ সন্দেহ প্ৰকাশ কৰা কৰিছে একাংশ লোকে ৷

দুদিনমানৰ পূৰ্বে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাইড বান্ধ ভগাৰ লগতে পথ খহি পৰিছিল ৷ তাৰোপৰি মূল বান্ধৰ দুফুট উচ্চতাৰে পানী বাগৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰাইজৰ মাজত ৷ শেহতীয়াকৈ ৫ নম্বৰ টানেলৰ সন্মুখ ভাগত ভূমিস্খলন হোৱাৰ লগে লগে এতিয়া উত্তৰ অসমৰ ৰাইজৰ মাজত প্ৰৱল বানৰ আতংকই বিৰাজ কৰিছে ৷

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণস্থলীত বাৰে বাৰে ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি সচেতন লোকৰ মাজতো বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ স্থানীয় লোকে সদৰি কৰা মতে সোৱণশিৰি প্ৰকল্পৰ ৫ নম্বৰ ডাইৰ্ভাচন টানেলৰ সন্মুখ ভাগ খহি পৰাৰ ফলত সোৱণশিৰি বাঢ়নী পানীয়েও গতি সলনি কৰিছে ৷ যাৰ ফলত এক বৃহৎ দুৰ্যোগ সৃষ্টি হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: সাংবাদিকতাৰ সংস্কাৰ সাধন কৰিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.