লখিমপুৰ,25 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে পুনৰ এজন অসম সন্তান । ন'বেল আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত ভাৰতৰ হৈ পদক অৰ্জন লখিমপুৰৰ খেলুৱৈৰ ৷ নেপালৰ বেলবাৰীত অনুষ্ঠিত হোৱা এই আন্তৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰি লখিমপুৰ জিলাৰ বগীনদীৰ ডিম্বেশ্বৰ দলে ৬২ কেজি শাখাত লাভ কৰিছে ৰূপৰ পদক । দেওবাৰে অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনত ডিম্বেশ্বৰ দলে অৱতীৰ্ণ হৈছিল বাংলাদেশৰ খেলুৱৈৰ বিৰুদ্ধে । ইয়াৰ পূৰ্ৱে ডিম্বেশ্বৰ দলে নেপাল আৰু ভূটানৰ খেলুৱৈক পৰাস্ত কৰি প্ৰৱেশ কৰিছিল চুড়ান্ত খেললৈ । উল্লেখযোগ্য যে মুঠ আঠখন দেশৰ খেলুৱৈয়ে যোগদান কৰিছিল ন'বেল আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত ।
লগতে পঢ়ক:দিবা-নৈশ টেষ্ট : এক ইনিংছ আৰু 46 ৰানত পৰাস্ত বাংলাদেশ