ETV Bharat / state

এটা উন্মাদ হাতীয়ে প্ৰাণ ল'লে ৫ জন লোকৰ

বৃহস্পতিবাৰে হাতীৰ আক্ৰমণত মৃত্যু হোৱা ছাত্ৰী গৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সংগীতা কুৰ্মী বুলি জানিব পৰা গৈছে । সংগীতাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰাইজ ।

লখিমপুৰত হাতীৰ ধাৰাবাহিক আক্ৰমণত ৫ জনৰ মৃত্যু

author img

By

Published : Mar 12, 2020, 8:16 PM IST

লখিমপুৰ,12 মাৰ্চঃ হাতী মানুহৰ সংঘাত নতুন কথা নহয়। গোৱালপাৰাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাত । জহিঙৰ কয়লামাৰী চাহ বাগিছাত বৃহস্পতিবাৰ পৰ্যন্ত এটা উন্মাদ হাতীয়ে প্ৰাণ ল'লে ৫ জন লোকৰ। বৃহস্পতিবাৰে হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী ছাত্ৰীৰ । এজন দুজন নহয় এটা উন্মাদ হাতীয়ে বৃহস্পতিবাৰ পৰ্যন্ত প্ৰাণ ললে ৫ জনকৈ লোকৰ । হাতীৰ উপদ্ৰৱৰ পিছতে উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে চাহ বাগিচাখনত। নিৰাপত্তাহীনতাত ভোগা বাগিচাখনৰ জনসাধাৰণৰ শংকা বন্যহস্তীটোৱে পুনৰ আক্ৰমণ কৰিব পাৰে ৰাইজক ৷

LAKHIMPUR WILD ELEPHANT ATTACK, 5 DEAD ETV BHARAT ASSAM NEWS
এটা উন্মাদ হাতীয়ে প্ৰাণ ল'লে ৫ জন লোকৰ
বৃহস্পতিবাৰে হাতীৰ আক্ৰমণত মৃত্যু হোৱা ছাত্ৰী গৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সংগীতা কুৰ্মী বুলি জানিব পৰা গৈছে । সংগীতাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ৰাইজ ক্ষুব্ধ হৈ পৰে বন বিভাগৰ ওপৰত । পিচত বন বিভাগৰ ওপৰত ক্ষুব্ধ হৈ পৰা ৰাইজে আক্ৰমণ কৰে বন বিভাগৰ কাৰ্যালয়ত। ৰাইজৰ অভিযোগ অবৈধ কাঠ, শিল বালিৰ মহলৰ কমিচনৰ অংকত ব্যস্ত বন কৰ্মীয়ে ৰাইজৰ সমস্যাত গুৰুত্ব দিয়া নাই ৷ এক হুলস্থলীয়া পৰিৱেশৰ মাজত উপস্থিত হ'ল আৰক্ষীৰ লগতে ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া। দলটোৱে ৰাইজক বুজনি দিয়া স্বত্বেও ছাত্ৰীৰ মৃতদেহ সমুখত ৰাখিয়ে ৰাইজে উজাৰিলে ক্ষোভ।
এটা উন্মাদ হাতীয়ে প্ৰাণ ল'লে ৫ জন লোকৰ

লগতে চাওকঃ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ দৰ্জাত ওলাল পঁচা কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.