ETV Bharat / state

SP Anand Mishra : এইবাৰ কাৰাটে প্ৰশিক্ষকৰ ৰূপত আনন্দ মিশ্ৰ - Anand Mishra on gold smuggler

একচন মুডত নহয়, এইবাৰ কাৰাটে প্ৰশিক্ষকৰ ৰূপত আনন্দ মিশ্ৰ । কাজিয়া কৰিবলৈ নহয়, আত্মৰক্ষাৰ বাবেহে কাৰাটে শিকিব লাগে । আনন্দ মিশ্ৰৰ মন্তব্য ।

এইবাৰ কাৰাটে প্ৰশিক্ষকৰ ৰূপত আনন্দ মিশ্ৰ
SP Anand Mishra
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:26 PM IST

কাৰাটে প্ৰশিক্ষকৰ ৰূপত আনন্দ মিশ্ৰ

বিহপুৰীয়া, ১৬ অক্টোবৰ : সচৰাচৰ দেখা পোৱা একচন মুডত নহয়, এইবাৰ কাৰাটে প্ৰশিক্ষকৰ ৰূপত দেখা গ'ল আনন্দ মিশ্ৰক । আনহাতে, কাৰাটে সন্দৰ্ভত আনন্দ মিশ্ৰৰ মন্তব্য, "কাজিয়া কৰিবলৈ কাৰাটে শিকিব নালাগে, আত্মৰক্ষাৰ বাবেহে কাৰাটে শিকিব লাগে ।" লখিমপুৰ নগৰৰ শেনচোৱাৰ কাৰাটে ডো একাডেমীৰ এক বিশেষ সম্বৰ্ধনা সভাত উপস্থিত থাকি এই মন্তব্য কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক তথা দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই ।

আৰক্ষী অধীক্ষকগৰাকীয়ে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি কণ-কণ প্ৰশিক্ষাৰ্থীসকলক কাৰাটেৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কাৰাটেৰ বিভিন্ন কৌশল শিকায় । আনহাতে, ভাষণ প্ৰসংগত আই পি এছ আনন্দ মিশ্ৰই নিজে অনবৰতে কঁকালত কঢ়িয়াই লৈ ফুৰা পিষ্টলটোৰ বিষয়ে মন্তব্য কৰি কয়, "এই বন্দুকটো মই কাৰোবাক ৰক্ষাৰ হেতুহে কঢ়িয়াই লৈ ফুৰিছোঁ ।" লগতে এই বন্দুকটোৰে কাৰোবাক আক্ৰমণ কৰাৰ তেওঁৰ কোনো উদ্দেশ্য নাই বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে জিলাখনত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা সময় ওলালেই আৰক্ষী বিষয়াগৰাকী জিলাখনৰ বিভিন্ন প্ৰান্তলৈ গৈ বিভিন্ন ক্ৰিড়া বা শৰীৰচৰ্চাৰ লগত জড়িত অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱপ্ৰজন্মক উৎসাহিত কৰি আহিছে । দীৰ্ঘদিন ধৰি জিলাখনত চলি থকা নকল সোণ, নকল টকা আৰু ড্ৰাগছৰ ব্যৱসায় উৎখাত কৰাৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগে বিশেষভাৱে লখিমপুৰ জিলাখনত আৰক্ষী বিষয়াগৰাকীক জিলা আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰিছিল ।

ইয়াৰ পিছতে বিষয়াগৰাকীয়েও এই নকল টকা, নকল সোণ আৰু ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহাৰ সমান্তৰালকৈ নৱপ্ৰজন্মক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত প্ৰায়েই এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক :Cultural Festival 2023 : সামৰণি পৰিল শংকৰদেৱ শিশু নিকেতন বনগাঁৱৰ সাংস্কৃতিক মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.