লখিমপুৰ,3মে': শুকুৰবাৰে লখিমপুৰত সংবাদমেল সম্বোধন কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷ শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হৈ যোৱা এপিডিচিএলৰ পৰীক্ষাত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । এই সংবাদমেলত পৰীক্ষা অনুষ্ঠিত কৰা বহিৰাগত প্ৰতিস্থানৰ সৈতে বুজাবুজিৰে বিদ্যুৎ বিভাগে বিসংগতিপূৰ্ণ ভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ আনে সংগঠনটোৱে। লগতে ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ হেতালী নেখেলিবলৈও আহ্বান জনায় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷ ইপিনে বিসংগতিপূৰ্ণ ভাবে হৈ যোৱা পৰীক্ষাৰ পুনৰ অনুষ্ঠিত কৰিবলৈ শক্তি মন্ত্ৰী তপন গগৈক দাবী জনায় সংগঠনটোৱে ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো মন্তব্য নিদিয়াৰ ওপৰতো ক্ষোভ ওজাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ।
লখিমপুৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে সদ্য অনুষ্ঠিত এপিডিচিএলৰ পৰীক্ষা সম্পৰ্কত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । লগতে শক্তি মন্ত্ৰী তপন গগৈক পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সংবাদমেল পাতি দাবী উত্থাপন কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ।