ETV Bharat / state

Assam 8th Medical College : লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন

author img

By

Published : Feb 15, 2022, 10:26 PM IST

মঙলবাৰে লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (Lakhimpur Medical College and Hospital inaugurated by CM Himanta Biswa Sarma) ৷

lakhimpur-medical-college-and-hospital-inaugurated-by-cm-himanta-biswa-sarma
লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন

লখিমপুৰ, 15 ফেব্ৰুৱাৰী : মঙলবাৰে পুৱাৰ ভাগত লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাৰ দিশত এক সোণালী দিনৰ সূচনা কৰি ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (Lakhimpur Medical College & Hospital inaugurated by CM Himanta Biswa Sarma) ৷ প্ৰায় 500,89 কোটি টকা ব্যয় সাপেক্ষে 168 বিঘা ভূমি আগুৰি নিৰ্মাণ কৰা হৈছে লখিমপুৰৰ এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন (Inauguration Ceremony of Lakhimpur Medical College & Hospital) ৷

লগতে এমবিবিএছৰ 100 খন আসন বিশিষ্ট নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (Assam's 8th Medical College)ত 100 গৰাকী চিকিৎসকৰ চিকিৎসা পাঠ্যক্ৰমো মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ লগতে ৰাজ্যত প্ৰতি বছৰে চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত অধ্যয়নৰ বাবে উপলব্ধ মুঠ আসনৰ সংখ্যা ১১০০ লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । ইয়াৰোপৰি এই মহাবিদ্যালয়খনত অতিশীৰ্ঘেই বি এছ ছি নাৰ্চিংৰ পাঠ্যক্ৰম সংলগ্ন হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি, চলিত বৰ্ষতে দন্ত চিকিৎসালয় আৰু কৰ্কট চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব ৷ লগতে, লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ প্ৰাৰম্ভিক কাৰ্য আৰম্ভ কৰা হৈছে আৰু অনাগত এবছৰৰ ভিতৰত অসমত মুঠ 5 খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সমান্তৰালকৈ অসমত মুঠ 24 খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য ১৯৮৭ চনত লখিমপুৰ অসামৰিক চিকিৎসালয় স্থাপন কৰা এই চিকিৎসালয়খন ২০১১ চনত আধাৰশিলা স্থাপন কৰা হৈছিল ৷ আনফালে ২০২১ চনত এই চিকিৎসালয়খন লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ পূৰ্ণাঙ্গ ৰূপান্তৰ কৰা হয় ।

পাঁচটা কাৰ্যসূচীৰে লখিমপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে দিনৰ 11.30 বজাত পশু চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰাম্ভণী কৰি বাইপাছত বৃক্ষ ৰোপণ কৰে ৷ ইয়াৰ পাছতে তেওঁ বিজেপি নৱনিৰ্মিত কাৰ্যালয় শুভাৰম্ভ কৰি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱন উদ্বোধন কৰি বহু প্ৰত্যাশিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় শুভাৰম্ভ কৰে ।

ইফালে মাজুলীৰ উপ নিৰ্বাচন (Majuli By Election) ত কংগ্ৰেছ আৰু এজেপিৰ সনাপিটিকাক সমালোচনা কৰি আঠশ শ্বহীদৰ কথা কোৱা দলটোৱে কংগ্ৰেছৰ বোকোচাত উঠাটোৱে মনত কষ্ট দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক : এইবাৰ মনোহৰী গ’ল্ড চাহৰ ৰেকৰ্ড ভাঙিলে অসমৰ গ'ল্ডেন পাৰ্ল চাহে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.