লখিমপুৰ,20 মাৰ্চঃ শনিবাৰে বিয়লি চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি পোনে পোনে আহি লখিমপুৰৰ জহিঙত দলীয় প্রার্থী মানৱ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে । সাংসদ প্ৰদান বৰুৱা, বিধায়ক দেৱানন্দ হাজৰিকা আদিয়ে অংশগ্রহণ কৰা সভাখনত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে বিজেপি চৰকাৰখনে গ্রহণ কৰা উন্নয়নমূলক আঁচনি সমূহৰ খতিয়ান দাঙি ধৰে ৷
বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতি সন্মান জনাই চৰকাৰখনে ক্ষীপ্ৰ গতিৰে উন্নয়ন সাধন কৰা বুলিও কয় সোণোৱালে । চৰকাৰখনে বহু কাম কৰিলে যদিও আৰু বহু কৰিবলৈ থাকি গ’ল বুলি উল্লেখ কৰি পুনৰ বিজেপিক ভোট দি আধৰুৱা কাম কৰাৰ সুযোগ দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । দলীয় প্ৰাৰ্থী মানৱ ডেকাক বিপুল ভোটত জয়যুক্ত কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় ।
উল্লেখ্যযোগ্য যে, বাগিচা এলেকা কংগ্ৰেছৰ ভোট বেংক বুলি ইমানদিনে চৰ্চা চলি আহিছে । সেয়ে লখিমপুৰৰ চাহ জনগোষ্ঠী অধ্যুষিত জহিং এলেকাত শনিবাৰে বিজেপিয়ে খোপনি পোতাৰ বাবে মুখ্যমন্ত্রী, সাংসদ, বিধায়কৰ সমাগম দেখা যায় ৷