লখিমপুৰ, ১১ জুন : অবিশ্বাস্য যেন লাগিলেও সঁচা । এইখন অসমতে এসময়ত বেতেৰে তৈয়াৰী সাজ-সজ্জা পৰিধান কৰা হৈছিল । আপুনি কেতিয়াবা কল্পনা কৰিব পাৰে নে বেতেৰে নিৰ্মিত চোলা, পেন্ট, টুপি পিন্ধি হাতত বেতৰ লাখুটি লৈ কান্ধত বেতৰ বেগ, কঁকালত বেতৰ টকা ভৰোৱা মোনা লৈ এজন মানুহ পথেৰে খোজকাঢ়ি যোৱাৰ দৃশ্য ৷ অন্ততঃ আজিৰ আধুনিকতাৰ যুগত সেয়া অকল্পনীয় (Many years old bamboo goods)। কিন্তু এনে অকল্পনীয় দৃশ্য এসময়ত বাস্তৱ আছিল এইখন অসমতে ।
প্ৰয়া এশ বছৰ পূৰ্বে চালে চকুৰোৱাকৈ এনে সা-সামগ্ৰী তৈয়াৰ কৰি ব্যৱহাৰ কৰা হৈছিল অসমীয়া সমাজখনত । অতি নিপুন হাতেৰে বেতৰ চোলা, পেন্ট, মোনা, টুপি, লাখুটি আদি তৈয়াৰ কৰি পৰিধান কৰিছিল একাংশ শিল্পী সুলভ মনৰ অধিকাৰী লোকে । এনে সাজ-সজ্জা অসমীয়া সমাজৰ আভিজাত্য প্ৰকাশ কৰিছিল (Many years old bamboo dress) ।
এতিয়া সাধু সাধু লগা এনে কথাবোৰ আছিল অসমীয়া সমাজৰ ঐতিহ্য বহনকাৰী প্ৰতীক স্বৰূপ ৷ লখিমপুৰ জিলাৰ বগীনদীৰ জাৰ্মানী গাঁৱৰ ৰামধন শইকীয়াৰ পৰিয়ালত আজিও সংৰক্ষিত হৈ আছে এশ বছৰৰো অধিক পুৰণি আৰু তেওঁলোকৰ ককা-আজোককাই ব্যবহাৰ কৰা বেতেৰে নিৰ্মিত এনে সামগ্ৰীসমূহ (Bamboo and Calamus tenuis dress) ।
পৰিয়ালটোৱে তেওঁলোকৰ বংশ গৌৰৱৰ চিন স্বৰূপে আটোমটোকাৰিকৈ অতি সযতনে সংৰক্ষণ কৰি ৰাখিছে এই পুৰণি সম্পদসমূহ । উল্লেখ্য যে, অতীজৰ অসমীয়া গ্ৰাম্য সমাজখনত কুটিৰ শিল্পৰ বিশেষ সমাদৰ আছিল । গ্ৰাম্য অৰ্থনীতিকো ধৰি ৰাখিছিল কুটিৰ শিল্পই ।
কুটিৰ শিল্পসমূহৰ অন্যতম বাঁহ-বেতৰ সামগ্ৰী আছিল দেশে-বিদেশে সমাদৃত । তাহানি কালত নিপুন হাতেৰে বনোৱা বাঁহ বেতৰ শিল্পৰ নিদৰ্শনে আজিও সকলোকে মোহিত কৰে । অতি সুক্ষ্মভাৱে সুন্দৰকৈ চালে চকুৰোৱা এশ বছৰৰো অধিক সময় পুৰণি এনে সম্পদে তাহানিৰ কুটিৰ শিল্পৰ লগত জড়িতসকলৰ শৈল্পিক দক্ষতাক অবিস্মৰণীয় কৰি ৰাখিছে । ৰামধন শইকীয়াৰ পৰিয়ালৰ পিতৃ পুৰুষসকলৰ এনে গৌৰৱৰ ধাৰাটোক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে (Lakhimpur boy preserve Many years old bamboo dress)।
উপৰিপুৰুষৰ কৰ্মৰ চানেকিত প্ৰেৰণা লাভ কৰা ৰামধন শইকীয়াই বেতৰ সামগ্ৰী তৈয়াৰ কৰি জীৱিকাৰ অংগ কৰি লৈছে । সু-নিপুন হাতেৰে এটাৰ পাচত এটাকৈ তেওঁ বেতৰ সামগ্ৰী নিৰ্মাণ কৰি গৈছে । তেওঁ ইতিমধ্যে বিভিন্ন অনুষ্ঠানত সংৰক্ষণ কৰি ৰখা ৫০ বিধ মান পৌৰাণিক বেতৰ সামগ্ৰীৰ প্ৰদৰ্শনী কৰি আহিছে । অনাগত সময়ত চৰকাৰীভাৱে কিছু সহায় পালে তেওঁ এই পৌৰাণিক বেতৰ সম্পদসমূহৰ এটা সংগ্ৰহালয় স্থাপন কৰাৰ আশা পুহি ৰাখিছে ।
ৰামধন শইকীয়াই তেওঁৰ ঘৰত থকা পৌৰাণিক বেতৰ সম্পদসমূহ চাবলৈ প্ৰায়েই পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হয় । সেয়ে তেওঁ এটি সংগ্ৰহালয় স্থাপন কৰাৰ আশা পুহি ৰাখিছে । যিয়ে অনাদি সময়ৰ বাবে অসমীয়া পুৰণি সমাজখনৰ শৈল্পিক সৃষ্টিক সোণসেৰীয়া স্বাক্ষৰ কৰি প্ৰৱাহিত কৰি ৰাখিব ।
লগতে পঢ়ক : Drinking water issue: বিশুদ্ধ নহয়, নদীৰ পানীয়েই ভৰষাৰ স্থল এখন গাঁৱৰ