ETV Bharat / state

লখিমপুৰৰ তিনিটা সমষ্টিত বিজেপিয়ে দিলে প্ৰাৰ্থী - লখিমপুৰৰ তিনিটা সমষ্টিত বিজেপিয়ে দিলে প্ৰাৰ্থী

লখিমপুৰৰ 4 টা সমষ্টিৰ ভিতৰত 3 টা বিজেপিয়ে প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে এটা সমষ্টি এৰি দিছে অগপক ৷

লখিমপুৰৰ তিনিটা সমষ্টিত বিজেপিয়ে দিলে প্ৰাৰ্থী

author img

By

Published : Mar 5, 2021, 10:21 PM IST

লখিমপুৰ, 5 মাৰ্চ: লখিমপুৰৰ ১০৯ নং বিহপুৰীয়া সমষ্টিত বিজেপিৰ বিধায়ক দেবানন্দ হাজৰিকাক বঞ্চিত কৰি এইবাৰ বিজেপিয়ে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে অমিয় ভূঞাক। বিগত নিৰ্বাচনত দেবানন্দ হাজৰিকাই ৬৬,৪১১ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিছিল । তেওঁৰ নিকট প্ৰতিদ্বন্দ্বি কংগ্ৰেছৰ ভূপেন বৰাক ২৬,০৩৫ টা ভোটত ব্যৱধানত পৰাস্ত কৰিছিল ৷

আনহাতে, ৮১,৩২৯ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰা ঢকুৱাখনাৰ বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলে পুনৰ টিকট লাভ কৰিলে । মন্ত্রীত্বৰ গাদী দখল কৰা নৱ দলেই যোৱাটো নিৰ্বাচনত কংগ্রেছৰ প্ৰাক্তন মন্ত্রী ভৰত নৰহক ২৫,৫৩৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ।

লখিমপুৰ সমষ্টিত বিগত সময়ৰ মিত্রজোঁটৰ প্ৰাৰ্থী তথা বিধায়ক উৎপল দত্তক নাকচ কৰি এইবাৰ বিজেপিয়ে নতুন মুখৰ প্ৰাৰ্থী মানৱ ডেকাক দলীয় প্ৰাৰ্থীত্ব প্ৰদাণ কৰিছে । উল্লেখ্য বিগত নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছৰ দুই নেতাৰ সংঘাতৰ ফলত কংগ্রেছৰ ভোট বিভাজন হোৱাৰ বাবেহে উৎপল দত্তৰ বিজয় সহজসাধ্য হৈছিল ।

নাওবৈচা সমষ্টি এইবাৰ আকৌ বিজেপিয়ে অগপক এৰি দিছে । অগপই এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা নকৰিলেও জয়ন্ত খাউণ্ডেই অগপৰ টিকট পোৱাটো খাটাং।
লক্ষণীয় যে আজি ঘোষিত বিজেপিৰ প্ৰাৰ্থী তালিকাত লখিমপুৰৰ দুজনকৈ বিধায়ক টিকটৰ পৰা বঞ্চিত হ'বলগীয়া হয়।

লগতে পঢ়ক: ঘোষণা হ'ল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা...

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.