ETV Bharat / state

লখিমপুৰত ঋণ ল'বলৈ গৈ সৰ্বস্বান্ত মহিলা কৰ্মচাৰী - শিমলুগুৰি আৰক্ষী চকী

লখিমপুৰত বেংক প্ৰৱঞ্চকৰ জালত মহিলা ৷ ICIC বেংকৰ অনুমোদিত এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৷ বৰ্তমান আৰক্ষীয়ে আটক কৰিছে তিনি গৰাকী অভিয়ুক্তক ৷

Lakhimpur Bank News: female employee Victim goes to Lakhimpur to take a loan
লখিমপুৰত ঋণ ল'বলৈ গৈ সৰ্বস্বান্ত মহিলা কৰ্মচাৰী
author img

By

Published : Nov 6, 2020, 12:55 PM IST

লখিমপুৰ, 6 নৱেম্বৰ : ঋণ ল’বলৈ গৈ ICIC বেংকৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ ঠগ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী মহিলা কৰ্মচাৰী ৷ নাৰায়ণপুৰ শিমলুগুৰিত চম্পু বৰা,জিন্তু বৰা আৰু দিগন্ত কোঁৱৰ নামৰ তিনি যুৱকে ICIC অনুমোদিত এটা গ্ৰাহক সেৱা কেন্দ্ৰ স্থাপন কৰি অঞ্চলটোত গ্ৰাহকক ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছিল ৷

ভুক্তভোগী মহিলাৰ মন্তব্য

অভিযোগ অনুসৰি,ধলপুৰৰ ননিমাই বৰুৱা নামৰ স্বাস্থ্য বিভাগৰ মহিলা কৰ্মচাৰী এগৰাকীয়ে অজিত বৰুৱা নামৰ যুৱকজনৰ জৰিয়তে কেন্দ্ৰটোৰ তিনি যুৱকৰ সৈতে যোগাযোগ কৰাৰ পিচত তিনি লাখ টকা ঋণৰ বাবে সম্পূৰ্ণ কৰিছিল সকলো যাৱতীয় কামকাজ ৷ মহিলা গৰাকীৰ ঘৰলৈ আহি সকলো ধনৰ পৰিমাণ উল্লেখ্য নকৰাকৈ বেংকৰ কাগজ পত্ৰত চহী কৰাৰ লগতে চাৰিখন চেক লৈ যোৱাৰ পাছত মহিলা গৰাকীৰ একাউন্টত 11 লাখ টকা ভৰাই দিছিল ৷

লগতে পঢ়ক : মৰাণত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা সম্পন্ন

ঋণৰ পৰিমাণ বেছি দেখি কেন্দ্ৰটোৰে যোগাযোগ কৰাত মহিলা গৰাকীক ভুলবশত এনে হোৱা বুলি কৈ 8 লাখ টকা উঠাই নিছিল যুৱকদ্বয়ে ৷ কিন্তু বেংকৰ পৰা মহিলা গৰাকীলৈ 12 লাখ টকা ঋণ আৰু মাহিলী 27 হাজাৰ 425 টকাকৈ কিস্তি পৰিশোধৰ পত্ৰ পায় হতভম্ব হৈ পৰে মহিলা গৰাকী ৷

এই সম্পৰ্কত ভুক্তভোগী মহিলা গৰাকীয়ে কেন্দ্ৰটোৰে যোগাযোগ কৰাত শীঘ্ৰে সকলো ঠিক হোৱাৰ আশ্বাস প্ৰদান কৰি লক ডাউনৰ সময়ত অন্তৰ্ধান হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে,মহিলা গৰাকীয়ে ধলপুৰ আৰু শিমলুগুৰি আৰক্ষী চকীত দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনি প্ৰৱঞ্চকক ৷ বৰ্তমানেও পলাতক অৱস্থাত আছে মূল অভিযুক্ত চম্পু বৰা ৷

লগতে পঢ়ক : চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল সংৰক্ষণৰ উদ্দেশ্যে মৰাণত সংগ্ৰহালয় মুকলি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.