লখিমপুৰ, ৭ ছেপ্টেম্বৰ : কেইবছৰমানৰ আগৰ কথা । হাতত আইনৰ পুথি পাঁজি লৈ লখিমপুৰৰ এজন যুৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া কঁপাইছিল । ন্যায়াধীশৰ সন্মুখত শক্তিশালী ৰূপত আইনগত যুক্তি দৰ্শাইছিল যুৱকজনে । পিচে সেয়া এতিয়া অতীত হ’ল । আইনৰ পুথি হাতৰ পৰা নমাই তেওঁ এতিয়া লোৰ হাতুৰী হাতত তুলি ল’লে ।
কমাৰ শালত তেওঁ হাতুৰীৰে ধাতৱ শব্দ সৃষ্টি কৰি জীৱনৰ ছন্দ মিলাইছে । চমকপ্ৰদ জীৱন পৰিক্ৰমাৰ এই যুৱক জন হ’ল লখিমপুৰৰ বিমল দে' । বিমল দে’ৰ পূৰ্ব পুৰুষৰ বৃত্তি আছিল কমাৰশাল । কমাৰশালত কাম কৰিয়েই পিতৃয়ে বিমলক মানুহ ৰূপে গঢ় দিলে । আইনৰ শিক্ষা লৈ বিমল নামিল ওকালতিত ।
গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ ওকালতি কৰি সুনাম অর্জন কৰিছিল । বিমলৰ পৰিয়ালটোৱে তেওঁৰ সফলতাত আত্মহাৰা হৈ পৰিছিল ৷ পিচে দীর্ঘ স্থায়ী নহ’ল পৰিয়ালটোৰ এনে মধুৰ ক্ষণ । এটাৰ পাচত আনটোকৈ দুৰ্যোগ নামি আহিবলৈ ধৰিলে তেওঁৰ পৰিয়ালটোলৈ ।
এটা সময়ত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’ল বিমলৰ পিতৃৰ । পৰিয়ালটোৰ এনে দুৰ্যোগৰ বাবে বিমল ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল । পৰিয়ালটোৰ দায়িত্ব কান্ধ পাতি ল’লে বিমলে । লখিমপুৰৰ আদালতত ওকালতি কৰিও তেওঁ পৰিয়াল চলোৱাটো অসম্ভৱ হৈ পৰিল ৷ তাৰ পাচত এটা সিদ্ধান্ত ল’লে বিমলে ৷
আইনৰ পুথি পাজি সামৰি লখিমপুৰ নগৰৰ বালিকা বিদ্যালয় সংযোগী পথত পিতৃয়ে স্থাপন কৰা কমাৰ শালখনত মূৰ গুজি ল’লে বিমলে । হাতত তুলি ল’লে লোৰ হাতুৰী । কেৱল বিমলেই নহয়, আন দহ-বাৰটা পৰিয়ালকো তেওঁ সংস্থাপন দিলে কমাৰশালখনত ।
যোৱা ৮/৯ বছৰৰ পৰা বিমলে কমাৰশালখনত কাম কৰি আছে ৷ অৱশ্যে পুনৰ তেওঁ আইনৰ পুথি পাঁজি হাতত তুলি লোৱাৰ মন মেলিছে । আকৌ এবাৰ আদালতৰ মজিয়াত মাই লৰ্ড বুলি কোৱাৰ হেপাহকণ পুহি ৰাখিছে বিমলে । অহা ডেৰ-দুবছৰৰ ভিতৰত হাতত তুলি লোৱা লোৰ হাতুৰীডাল এৰি পুনৰ লখিমপুৰৰ আদালতত ওকালতি কৰাৰ আশা কৰিছে বিমল দে’ই ৷
লগতে পঢ়ক : Assam’s largest village : অসমৰ সৰ্ববৃহৎ গাঁওখনলৈ সৈতে চিনাকি হওঁ আহক