লখিমপুৰ, ১০ ছেপ্টেম্বৰ: আদিবাসীৰ কৃষ্টি-সংস্কৃতিৰে মুখৰ লখিমপুৰৰ ত্যাগ ক্ষেত্র । লখিমপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে কেন্দ্রীয় কৰম উৎসৱ । মাদলৰ ধ্বনি, বৰ্ণাঢ্য আদিবাসীৰ কৃষ্টি সংস্কৃতিৰে আজি মুখৰিত হৈ উঠে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্র । আদিবাসীসকলৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, সাজ-সজ্জাৰে আজি এক উচ্চল পৰিৱেশৰ সৃষ্টি হয় । কেৱল ত্যাগ ক্ষেত্রতে নহয় আদিবাসীসকলৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰ হোৱা এক সাংস্কৃতিক শোভাযাত্রাই সমগ্র নগৰখনকে ৰঙীণ কৰি তোলে ।
লখিমপুৰত প্ৰথমবাৰৰ বাবে কেন্দ্রীয়ভাৱে আয়োজন কৰা কৰম উৎসৱ উপলক্ষে এনে পৰিৱেশ সৃষ্টি হয় । সদৌ অসম আদিবাসী ছাত্র সন্থা আৰু সদৌ অসম আদিবাসী মহিলা সমিতিৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৰম উৎসৱ । আদিবাসীসকলৰ এই লোক উৎসৱ কৰমত সাংস্কৃতিক পৰম্পৰা, ৰীতি-নীতি, লোক বিশ্বাস আদিৰ মূৰ্ত প্ৰতিফলন ঘটে । এই উৎসৱৰ আজি দ্বিতীয় দিনা কৰম দল আদৰণি, আখড়া উদ্বোধন, পতাকা উত্তোলন, কৰম কাহিনী, আখড়া নৃত্য, সাংস্কৃতিক শোভাযাত্রা, স্মৃতিগ্ৰন্থ উন্মোচন আদি বিভিন্ন কাৰ্যসূচী পালন কৰা হয় ।
এই কাৰ্যসূচীসমূহত লৰেন্স হান্স, বাবুল গড়, থানেশ্বৰী কুৰ্মী গঞ্জু, গডউইন হেমৰম, পদ্মেশ্বৰ চুতীয়া, ললিতা তপ্ন' মাঝিকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে । আদিবাসীসকলৰ এই লোক উৎসৱ কৰমৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতি সাংস্কৃতিক বান্ধোনেৰে বান্ধ খাই এখন সুন্দৰ সমাজ গঢ়াত অৰিহণা যোগাব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে ।
উল্লেখ্য় যে কৰম উৎসৱ হৈছে চাহ জনজাতীয় তথা মূলতঃ ঝাৰখণ্ডৰ খিলঞ্জীয়া লোকসকলৰ সংস্কৃতিৰ সৈতে জড়িত এক লোক উৎসৱ । ভাদ মাহৰ একাদশীত উদযাপন কৰা হয় এই কৰম উৎসৱ । এই উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰি আহিছে । এই দিনটোত চাহ জনজাতীয় লোকসকলে কৰম দেৱতাৰ উপাসনা কৰে । এই উপলক্ষে সকলোৱে পৰম্পৰাগত পোছাক পিন্ধি লোকনৃত্য কৰে ।
লগতে পঢ়ক:Mission Indradhanush in Assam: মৰিগাঁৱত ১১ ছেপ্টেম্বৰৰ পৰা মিছন ইন্দ্ৰধনুষৰ দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ