ETV Bharat / state

খালী চকী কেৱল সাংবাদিকেহে দেখে: কল্পনা পাটোৱাৰী

নাৰায়ণপুৰত বিশাল আয়োজনেৰে সোমবাৰে অনুষ্ঠিত কৰা অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত সাংবাদিকক কটাক্ষ কৰি অগপৰ সাংস্কৃতিক সভানেত্ৰী তথা গায়িকা কল্পনা পাটোৱাৰীয়ে কয় যে,মই খালী চকী দেখা নাপাও,খালী চকী কেৱল সাংবাদিকেহে দেখে ৷

খালী চকী কেৱল সাংবাদিকেহে দেখে: কল্পনা পাটোৱাৰী
খালী চকী কেৱল সাংবাদিকেহে দেখে: কল্পনা পাটোৱাৰী
author img

By

Published : Jan 11, 2021, 5:02 PM IST

Updated : Jan 11, 2021, 5:15 PM IST

বিহপুৰীয়া,11 জানুৱাৰী: মই খালী চকী দেখা নাপাও,খালী চকী কেৱল সাংবাদিকেহে দেখে- এই মন্তব্য অগপৰ সাংস্কৃতিক সভানেত্ৰী তথা গায়িকা কল্পনা পাটোৱাৰীৰ ৷ সোমবাৰে নাৰায়ণপুৰত বিশাল আয়োজনেৰে অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ ৷ দুদিন পূৰ্বে অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই সংবাদমেল যোগে ঐক্য সমাৰোহত 20 হাজাৰ লোকৰ সমাৱেশ হ'ব বুলি জনাইছিল,কিন্তু আশা কৰা ধৰণে সহাৰি নিদিলে স্থানীয় লোকে ৷ 20 হাজাৰ লোকৰ 30 শতাংশ লোকো উপস্থিত নাথাকিল সভাখনত ৷

খালী চকী কেৱল সাংবাদিকেহে দেখে: কল্পনা পাটোৱাৰী

ইফালে সেৰেঙা লোকৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি অধিকাংশ খালী চকীৰ সন্মুখতেই উদাত্ত ভাষণ প্ৰদান কৰিলে সভাপতি অতুল বৰা,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু অগপৰ সাংস্কৃতিক সভানেত্ৰী কল্পনা পাটোৱাৰীয়ে ৷ সভাৰ শেষত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত গায়িকা কল্পনা পাটোৱাৰীয়ে কয়,খালী চকী কেৱল সাংবাদিকেহে দেখে ৷ আধা পানী থকা গিলাছো খালী নেদেখে কল্পনা পাটোৱাৰীয়ে ৷

লগতে পঢ়ক: আৰু এটা নতুন ৰাজনৈতিক দলঃ নেতৃত্বত মহন্ত !

Last Updated : Jan 11, 2021, 5:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.