ETV Bharat / state

লখিমপুৰত জবকাৰ্ড হিতাধিকাৰীৰ প্ৰতিবাদ

নিজৰ প্ৰাপ্য আদাৰ দাবীৰে সোমবাৰে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ জবকাৰ্ড হিতাধিকাৰীয়ে ৷ এটা পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ ছমাহ উকলি যোৱাৰ পাচতো হিতাধিকাৰী সকল নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ৷

author img

By

Published : Sep 21, 2020, 1:11 PM IST

জবকাৰ্ড হিতাধিকাৰীৰ প্ৰতিবাদ
জবকাৰ্ড হিতাধিকাৰীৰ প্ৰতিবাদ

লখিমপুৰ, 21 চেপ্তেম্বৰ: লখিমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উজ্জ্বলপুৰ গাঁও পঞ্চায়তৰ অধীনত 2018-19 বৰ্ষত এনৰেগাৰ অধীনত, ২৫ লাখ টকা ব্যয় সাপেক্ষে চিনাতলীয়া PWD ৰ পৰা মধ্য বালিজানলৈ যোৱা পথটিৰ নিৰ্মাণকাৰ্যত প্ৰায় ১২০ গৰাকী জবকাৰ্ড হিতাধিকাৰী ন্যস্ত হৈ আছিল ৷ কিন্তু পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ ছমাহ উকলি যোৱাৰ পাচতো হিতাধিকাৰী সকল নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ৷

লখিমপুৰত জবকাৰ্ড হিতাধিকাৰীৰ প্ৰতিবাদ

অভিযোগ অনুসৰি,লখিমপুৰ উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবেই প্ৰাপ্য ধনৰ পৰা হিতাধিকাৰী সকল বঞ্চিত হৈ আছে ৷ ৷ ইয়াকে লৈ বঞ্চিত হিতাধিকাৰী সকলে সোমবাৰে তেওঁলোকে নিৰ্মাণ কৰা পথটো অৱৰোধ কৰি ক্ষোভ উজাৰে ৷ তেওঁলোকৰ প্ৰাপ্য ধন অতি শীঘ্ৰেই আদায় দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত হিতাধিকাৰী সকলে ৷

লগতে পঢ়ক: আন্দোলনত নামিব সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.