ETV Bharat / state

কাম নকৰাকৈয়ে কাৰ পকেটত সোমাল ৪৫ লক্ষাধিক টকা ! - RTR

লখিমপুৰত কাম নকৰাকৈয়ে ৪৫ লাখৰো অধিক টকা সৰকোৱাৰ অভিযোগ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে । তদন্তৰ দাবীত উপায়ুক্তক আৰটিআই(RTR) কৰ্মী সন্থাই প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ ৷

irrigation corruption news at lakhimpur
লখিমপুৰত জলসিঞ্চন বিভাগত দুৰ্নীতি
author img

By

Published : Aug 17, 2021, 9:35 PM IST

লখিমপুৰ, 17 আগষ্ট : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনতেই প্ৰতিদিনাই পোহৰলৈ আহিছে দুৰ্নীতিৰ নানান তথ্য ৷ অভিযোগ অনুসৰি, বৰ্তমান ৰাজ্য চৰকাৰৰ বহু বিভাগতেই সংঘটিত হৈছে দুৰ্নীতি ৷ বিশেষকৈ ৰাজ্যৰ জলসিঞ্চন বিভাগ (Irrigation Deparment)ত বহু দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ৷

এইবাৰ লখিমপুৰত জলসিঞ্চন বিভাগ(Irrigation Deparment)ৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ অভিযোগ অনুসৰি, লখিমপুৰত কাম নকৰাকৈয়ে জলসিঞ্চন বিভাগে ৪৫ লক্ষাধিক টকা সৰকাইছে ৷ এই গুৰুতৰ অভিযোগ তৰিছে আৰটিআই(RTR) কৰ্মী সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ।

irrigation corruption
উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ

আৰটিআই(RTR) কৰ্মী সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে উল্লেখ কৰা অনুসৰি, জিলাখনত বৰ্তমান আছে বিভাগটোৰ ৬৩ খন জলসিঞ্চন আঁচনি ৷

কিন্তু জানি আচৰিত হ’ব আপুনিও ৷ নামত আছে জলসিঞ্চন বিভাগৰ ৬৩ খন জলসিঞ্চন আঁচনি, কিন্তু তাৰে অধিকাংশই বিকল হৈ পৰি আছে ৷ এই বিকল আঁচনি কেইখন পুনৰ উজ্জীৱিত কৰাক লৈ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

দুৰ্নীতিৰ পাহাৰ ৰাজ্যৰ জলসিঞ্চন বিভাগত

জানিব পৰা মতে, চলিত বিত্তীয় বৰ্ষত এনে বিকল হৈ থকা ২১ খন আঁচনিৰ মেৰামতিৰ নামত আৱন্টন হয় ৪৫ লাখ ৮১ হেজাৰ টকা । পিছে আৱন্টন হোৱা এই টকা উলিয়াই নিয়া হ’ল যদিও এখনো আঁচনি কাৰ্যক্ষম নহ’ল । এই অভিযোগ উত্থাপন কৰিছে আৰটিআই(RTR) কৰ্মী সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ৷

লগতে পঢ়ক: MGNREGA ৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উপায়ন্তৰ হৈ আৰটিআই(RTR) কৰ্মী সন্থা মঙলবাৰে কাষ চাপে জিলাৰ উপায়ুক্ত গৰাকীৰ ৷ জিলাৰ উপায়ুক্ত গৰাকীক এই সন্দৰ্ভত এক স্মাৰক পত্ৰ যোগে এই দুৰ্নীতিৰ তদন্ত বিচৰাৰ লগতে দোষী বিষয়াৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় । তেওঁলোকে সংবাদ মাধ্যমৰ আগত আক্ষেপ ব্যক্ত কৰি কয় যে, ‘জিলা খনত জলসিঞ্চন বিভাগত পাঁচশৰো অধিক কৰ্মচাৰী জড়িত হৈ আছে ।

irrigation corruption news at lakhimpur
লখিমপুৰত জলসিঞ্চন বিভাগত দুৰ্নীতি

কৃষি পথাৰত পানী যোগানৰ আঁচনিও আছে । আঁচনি মেৰামতি কৰিবলৈ প্ৰতিবাৰে আৱন্টন হয় লাখ লাখ টকা । পিছে ইমানৰ পাছতো কৃষিকাৰ্যৰ বাবে পথাৰত এটোপাল পানীও নাপাই কৃষক ৰাইজে ৷

উল্লেখ্য যে, জিলা খনত জলসিঞ্চনৰ নামত অহা লাখ লাখ টকাৰ অপচয় হোৱা বুলি সন্থাটোৱে অভিযোগ তোলে । এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় মূৰব্বী গৰাকীক অতি শীঘ্ৰে এই ঘটনাৰ সন্দৰ্ভত উচিত ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: আঁচনি থাকিও কৃষিৰ প্ৰয়োজনীয় পানী লাভ কৰা নাই মাহতলিবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.